ভাৰত-পাক দ্বন্দত আফগানিস্তান নোসোমাই, জনালে তালিবানৰ সম্ভাব্য বৈদেশিকমন্ত্রীয়ে

2223509 talibanchiefnegotiatorshermuhammadabbasstanakzaireuters 1589721704

কাবুল দখল কৰিলেও এই পর্যন্ত চৰকাৰ গঠন কৰিব পৰা নাই তালিবানে । শীঘ্রেই চৰকাৰ গঠন কৰা হ’ব বুলি দাবী কৰিছে তালিবান শীর্ষ কর্তাসকলে । এনে সময়তে, ভাৰত-পাকিস্তানৰ অভ্যন্তৰীণ সমস্যাক লৈ মুখ খুলিলে তালিবানৰ সম্ভাব্য বৈদেশিকমন্ত্রীয়ে । ইণ্ডিয়ান মিলিটাৰী একাডেমিৰ প্রাক্তন শ্বেৰ মহম্মদ আব্বাছ স্তানিকজাই দোহাৰ পৰা সংবাদ মাধ্যমক কয়, ‘‘ভাৰত আৰু পাকিস্তানৰ অভ্যন্তৰীণ সমস্যা তেওঁলোকেই সমাধান কৰিব । ইয়াত আফগানিস্তান নোসোমাব । আমাৰ দেশৰ ভূমি অন্য কোনো দেশক ব্যৱহাৰ কৰিব দিয়া নহ’ব ।’’

শেহতীয়া সাক্ষাৎকাৰত আব্বাছে জনায়, ২০ বছৰ ধৰি আফগানিস্তানত আমেৰিকা আৰু নেটো বাহিনী থাকিলেও তালিবান চৰকাৰে তেঁওলোকৰ স’তে ভাল সম্পর্ক ৰাখিব বিচাৰে । ভাৰত, পাকিস্তান, ইৰান, তাজিকিস্তানৰ দৰে দেশৰ স’তেও ভাল সম্পর্ক ৰাখিব বিচাৰে তেওঁলোকে ।

উল্লেখযোগ্য যে, ভাৰতৰ স’তে বহু বছৰৰ সম্পর্কৰ কথাও দাঙি ধৰিছে আব্বাছে । তেওঁ কয়, ‘‘ভাৰতে আমাক বহুত সহায় কৰিছে । আফগানিস্তানত বহু উন্নয়ন কৰিছে তেওঁলোকে । এইসমূহ আমাৰ সম্পদ । আশা কৰো, আগন্তুক দিনতো আফগানিস্তানৰ উন্নয়নত সহায় কৰিবে ভাৰতে ।’’ ভাৰতৰ পৰা কোনো লোক আফগানিস্তানত গ’লে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰা হ’ব বুলিও জনাইছে তেওঁলোকে । তদুপৰি কাবুলত এই পৰ্যন্ত আৱদ্ধ হৈ থকা হিন্দু আৰু শিখসকলে দেশ ত্যাগ কৰিব নালাগে বুলি দাবী কৰিছে আব্বাছে । তেওঁ কয়, ‘‘এইখন তেওঁলোকৰ দেশ । তেওঁলোকে কিয় দেশ ত্যাগ কৰিব । তেওঁলোকৰ কোনো ভয় নাই ।’’

আফগানিস্তানত তালিবান চৰকাৰ আহিলে আকৌ এবাৰ সন্ত্ৰাসবাদী সংগঠনবোৰে সেই ভূমি ব্যৱহাৰ কৰি সন্ত্ৰাস সৃষ্টি কৰিব পাৰে বুলি আশংকা প্রকাশ কৰিছে বহু দেশে । আব্বাছে প্রতিশ্রুতি দিয়ে যে, সন্ত্ৰাসবাদীসকলে যাতে তেওঁলোকৰ ভূমি ব্যৱহাৰ কৰিব নোৱাৰে, সেই বিষয়ত লক্ষ্য ৰাখিব ।

Exit mobile version