সঠিকভাৱে শৰীৰচর্চা কৰিলে এই সংস্থাই দিব এমাহৰ অতিৰিক্ত বেতন

download 4

অতিমাৰীত গৃহবন্দী জীৱনত সুস্থ থকা অধিকাংশৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে । কর্মীসকলৰ সুস্থ জীৱনযাপনৰ বাবে সম্প্রতি অভিনৱ উদ্যোগ গ্ৰহণ কৰিছে এক ফাইনেন্স সংস্থাই । এই সংস্থাৰ মুখ্য কর্মীসকলক নতুন প্ৰত্যাহ্বান দিয়া হৈছে । এই প্ৰত্যাহ্বান পূৰণ কৰিলে এমাহৰ অতিৰিক্ত বেতন লাভ কৰিব কর্মীসকলে ।

উক্ত সংস্থাৰ চিইঅ’ নীতিন কামাথে টুইটাৰত ঘোষণা কৰিছে এই কথা । যিয়ে সামাজিকমাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে । টুইটত তেওঁক লিখে, ‘প্রথম তলাবন্ধৰ পাছত কর্মীসকলক জীৱনযাপন অস্বাস্থ্যকৰ হৈ পৰিছে । খাদ্যাভাস পৰিৱর্তন, শৰীৰচর্চাৰ অভাৱে তেওঁলোকৰ জীৱনযাত্রত প্রভাৱ পেলাইছে ।’ কর্মীসকলৰ জীৱনযাত্রাৰ মান বাঢ়াবলৈ আৰু সুস্থ ৰাখিবলৈ এই উদ্যোগ গ্ৰহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।

এই বিষয়ত সংস্থাটোৰ স্বত্বাধিকাৰীজনে লিখিছে, ‘শৰীৰচর্চাৰ লক্ষ্যমাত্রা স্থিৰ কৰিবলৈ কোৱা হৈছে কর্মীসকলক । প্রতি মাহে এই কাৰ্যালয়ত জনাবলৈ নিৰ্দেশ দিয়া হৈছে । ১২ মাহ ধৰি নিয়মিত শৰীৰচর্চা কৰি তেওঁলোক যদি লক্ষ্যত উপনীত হ’ব পাৰে, তেওঁলোকক এমাহৰ অতিৰিক্ত বেতন দিয়া হ’ব । সকলো কর্মীসকলৰ মাজত লটাৰীৰ আয়োজন কৰা হ’ব । সেই লটাৰীৰ বিজেতাজনে ১০ লাখ টকা পাব ।’

Exit mobile version