উত্তৰ প্ৰদেশত ভিক্ষাৰী, বিবাহ বিচ্ছেদিতৰ সন্তানক মাহে ২৫০০ টকা দিব চৰকাৰে

clipboard 2021 08 19t212354108 1021485 1629388813 1025349 1630378309

কৰ’না কালত পিতৃ-মাতৃক হেৰুৱাই অনাথ হোৱা শিশুসকলক বিত্তীয় সাহায্য প্ৰদান কৰিবলৈ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে সিদ্ধান্ত লৈছে । ইয়াৰ বাবে ৰাজ্য চৰকাৰখনে মুখ্যমন্ত্ৰী বাল সেৱা যোজনা ২০২১ গ্ৰহণ কৰিছে ।

এই যোজনাৰ অধীনত উত্তৰ প্ৰদেশৰ এই সকল লোকক বিত্তীয় সাহায্য হিচাপে ২৫০০ টকা প্ৰদান কৰা হ’ব । এই আঁচনিৰ সুবিধা ভিক্ষাবৃত্তিত জড়িত আৰু বিবাহ বিচ্ছেদিত পিতৃ-মাতৃৰ সন্তানেও লাভ কৰিব ।

আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ হ’লে হিতাধিকাৰীৰ বয়স ০-১৮ বছৰৰ ভিতৰত হ’ব লাগিব ।

Exit mobile version