কেশৱ গৌতম সোঁৱৰণি শংকৰদেৱ শিশু নিকেতনৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন

729a3cca 0bdf 442c a1fd fc3c4bb047ca

বাগসা জিলাৰ খাৰিজা বিজনীৰ বাৰাপেটাস্থিত কেশৱ গৌতম সোঁৱৰণি শংকৰদেৱ শিশু নিকেতনৰ আজি এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰা হয়৷

ADVERTISEMENT

বৰ্তমানৰ মন্ত্ৰী তথা সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ বিধায়ক পুঁজিৰে নিৰ্মাণ হ’বলগীয়া প্ৰেক্ষাগৃহটো ক’ৰনাকালীন পৰিস্থিতিৰ বাবে নিৰ্মাণ কৰিব পৰা নাছিল বিদ্যালয় কতৃপক্ষই৷

সেয়েহে আজি প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিদ্যালয় কতৃপক্ষই৷ প্ৰেক্ষাগৃহটো নিৰ্মাণ তথা নিকেতনখনৰ বাবে স্থানীয় সমাজকৰ্মী দিলীপ গৌতমে দুই বিঘা মাটি দান কৰে বিদ্যালয় কতৃপক্ষক৷

উল্লেখ্য যে আধাৰশিলা স্থাপন কাৰ্যসূচীত নিকেতনখনৰ প্ৰধান আচাৰ্য হিমাংশু ৰয়, নিকেতন পৰিচালনা সমিতিৰ সভাপতি কৃষ্ণপ্ৰসাদ উপাধ্যায়, উপ সভাপতি খগেন দাস, পৰিচালনা সমিতিৰ সদস্য ক্ৰমে বিনয় বৈশ্য, দেৱৰাজ গৌতম, চন্দ্ৰ প্ৰসাদ দাহাল, ৰত্ন প্ৰসাদ শৰ্মা, মিংকু ছেত্ৰী, দিলিপ দাস, উদ্ধৱ বৰ্মণ আৰু ভূমিদাতাৰ পৰিয়াল উপস্থিত থাকে৷

Exit mobile version