গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান

ট্ৰাকত তালাচী চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ

● গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তাৰ নেতৃত্বত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ ।
● ট্ৰাকখনত মুঠ ৫০ টা গাঞ্জাৰ পেকেট আছিল ।
● জব্দ কৰা গাঞ্জাৰ মূল্য এক কোটিৰ অধিক হ’ব ।
● গোসাঁইগাঁৱৰ ৩১ নম্বৰ(গ) ৰাষ্ট্ৰীয় পথৰ শ্ৰীৰামপুৰত নাকা চেকিং কৰি থকা সময়ত এখন ট্ৰাক আটক কৰে ।
● এ‌এছ০১এচি/৬৯১১ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই বৃহৎ পৰিমাণৰ ভাং উদ্ধাৰ কৰে আৰক্ষীয়ে ।
● ট্ৰাকখনত কোনো সামগ্ৰী নাছিল যদিও ওপৰত থকা টিৰপালৰ ভিতৰত কৌশলেৰে ভাং কঢ়িয়াই লৈ গৈ আছিল ।
● ট্ৰাকখন ত্ৰিপুৰাৰ পৰা বিহাৰ অভিমুখে গৈ আছিল ।
● ট্ৰাকৰ লগতে এজন লোকক আটক কৰিছে ।
● ট্ৰাক চালকজন ত্ৰিপুৰাৰ বাসিন্দা ।
● কে’বাদিন পূৰ্বে ন কোটি টকাৰ হেৰ’ইন জব্দ কৰাৰ পাছত একেস্থানত আজি কোটি টকাৰ অধিক গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ।

Exit mobile version