গোসাইগাৱঁত ‘জল জীবন মিছন আচনীৰ উদ্বোধন

b1d0c51c 1569 4642 befd c53577715e40

সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি গোসাইগাৱঁতো ভাৰত চৰকাৰে ঘোষনা কৰা ‘জল জীবন অভিযান’ আচনীৰ উদ্বোধন কৰা হয় ৷ গোসাইগাঁও মহকুমাৰ তিনি নম্বৰ হাতীগড়তস্থিত আচনীখন শুভ উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ৰেওৰেয়া নাৰ্জাহাৰীয়ে৷

গোসাইগাঁও সংমন্ডল জনস্বাস্থ্য কাঢ়িকৰী বিভাগৰ অধিনত নিৰ্মিত আচনীখন প্ৰায় ৪০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হৈছে ৷ এক লাখৰ অধিক পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যৰে আৰম্ভ কৰা আচনীৰ অধিনৰ উক্ত যোগান প্ৰকল্পৰ দ্বাৰা ১৮৯ টা পৰিয়ালক পানীৰ যোগান ধৰা হৈছে ।

উক্ত উদ্বোধনী অনুষ্ঠান উপলক্ষে আয়োজিত সভাৰ সভাপতিত্ব কৰে জন স্বাস্থ্য কাঢ়িকৰী বিভাগৰ অভিযন্তা সমৰেন্দ্ৰ সৰগয়াৰী। সভাত কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে দেশৰ প্ৰতিগৰাকী লোকে বিশুদ্ধ পানী পাব লাগে আৰু সেই বাবেই চৰকাৰে এই আচনী ৰূপায়ন কৰিছে ৷

তেও উল্লেখ কৰে যে সমগ্ৰ দেশৰ লগত সংগতি ৰাখি বিটিআৰৰ প্ৰতিটো পৰিয়ালে এই আচনীৰ জৰিয়তে বিশুদ্ধ পানী পাব ৷ অনুষ্ঠানত ইউ পি পি এলৰ গোসাইগাঁও জিলা সভাপতি তথা প্ৰাক্তন এম চি এল এ জিৰন বসুমতাৰী,ইউ পি পি এলৰ উপ সভাপতি জিৰেন বসুমাতাৰী ,জনস্বাস্থ্য কাঢ়িকৰী বিভাগৰ অভিযন্তা ফনিন্দ্ৰ মুছাহাৰী,সমৰেন্দ্ৰ সৰ্গিয়াৰী সহ কে’বাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Exit mobile version