জল জীৱন মিছনৰ অধীনত যোৱা জুলাই মাহত এক লাখ ২৫ হেজাৰ ঘৰ পৰিয়াললৈ খোৱা পানীৰ সংযোগৰ পাছত আজি পুনৰ অসমৰ সকলো বিধানসভা সমষ্টি সামৰি দুই লাখতকৈ অধিক পৰিয়াললৈ খোৱা পানী সংযোগ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি সকলে উদ্বোধন কৰে।
তাৰে অংশ হিচাপে বৰপেটা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ উদ্যোগত বাৰাদি পলাশৰতল পানী যোগান আঁচনিৰ পৰা ৯৯৪ টা ঘৰলৈ নলযোগে খোৱাপানী যোগানৰ উদ্বোধন কৰা হয়।
উদ্বোধন কৰে বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুষালে। উদ্বোধনী ভাষণত জিলা উপায়ুক্ত গৰাকীয়ে কয় যে, নলযোগে ৰাইজে পাবলগীয়া পানী দমকলৰ পানীতকৈ বহু গুণে ভাল।
জল জীৱন মিছন আঁচনি হাতত লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুষালে ধন্যবাদ জ্ঞাপন কৰে।
আঁচনিখন নিজৰ বুলি ভাবি ৰাইজক চকু ৰাখিবলৈ আহ্বান জনায়। কেওটকুছি গাওঁ পঞ্চায়তৰ সভানেত্ৰী ছুফিয়া খাতুনৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত উদ্দেশ্য ব্যাখ্যা কৰে বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰাঞ্জল পাঠকে।
বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা সমন্বয়ক অৰ্পনা অধিকাৰীয়ে আতধৰা সভাত অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া জয়ন্ত দাস আদি বহু কেইগৰাকী বিশিষ্ট ব্যাক্তি উপস্থিত থাকে।