তামাৰহাটত চোৰাং কাঠ জব্দ

WhatsApp Image 2021 08 31 at 1.36.33 PM

তামাৰহাটত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ । একাংশ কাঠ মাফিয়াই দীৰ্ঘদিন ধৰি তামাৰহাটত চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাইছে । সকলো জানিও বন বিভাগ আৰু আৰক্ষীয়ে নিৰৱ ভূমিকা গ্ৰহণ কৰিছে । এনে পৰিস্থিতিত আজি পুৱতি নিশা তামাৰহাট আৰু কুমাৰগঞ্জ আঞ্চলিক আক্ৰাছুৱে তামাৰহাটৰ উজান পেটলাত জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ।

কাঠখিনি পশ্চিমবংগৰ লাউকুটি অঞ্চলৰ পৰা আনি ধুবুৰী অভিমুখে চোৰাংভাৱে লৈ যোৱাৰ পথত জব্দ কৰে আক্ৰাছুৱে । তামাৰহাট আঞ্চলিক আক্ৰাছুৰ কাৰ্যালয়ৰ সন্মুখত কাঠখিনি জব্দ কৰাৰ পাছত বন বিভাগক অৱগত কৰাত হাতীধুৰা বনবিভাগৰ দায়িত্বত থকা বনকৰ্মী তথা বিট অফিচাৰ অনিল সৰকাৰে ঘটনাস্থলিত উপস্থিত হৈ কাঠখিনি লৈ যায় । বনকৰ্মী অনিল সৰকাৰে জনোৱা মতে, অবৈধ কাঠখিনিৰ মূল্য প্ৰায় ৮০ হেজাৰ টকা হ’ব।

বন ধ্বংস কৰি অবৈধ কাঠৰ বেহা চলোৱা কাঠ মাফিয়াসকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে আক্ৰাছুৱে সংশ্লিষ্ট বিভাগক দাবী জনাইছে।

Exit mobile version