থাৰুৰক অভিনয়ৰ প্ৰস্তাৱ ছলমান : কংগ্ৰেছ সাংসদ কি ক’লে ?

40638073 290857551714848 4088562283129602048 n

বলিউড অভিনেতা ছলমান খান কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ যথেষ্ট প্রিয়। ছলমানৰ একাধিক ছবি কংগ্ৰেছ সাংসদজনে উপভােগ কৰিছিল। এইজন প্রিয় অভিনেতাৰ পৰা এক অকল্পনীয় প্রস্তাৱ লাভ কৰিলে থাৰুৰে।

অলপতে সামাজিক মাধ্যমত নিজে এই কথা প্রকাশ কৰিলে তিৰুঅনন্তপুৰমৰ সাংসদজনে। সামাজিক মাধ্যমত ভাইৰেল হােৱা থাৰুৰৰ এক সাক্ষাৎকাৰত তেওঁ ছলমানৰ প্ৰসংগ উত্থাপন কৰিছিল আৰু এই সাক্ষাৎকাৰতে কংগ্ৰেছ সাংসদজনে কৈছিল যে ছলমানে তেওঁক চিনেমাত অভিনয়ৰ প্ৰস্তাৱ দিছিল।

ছলমানে তেওঁৰ এখন ছবিত মােক বৈদেশিক মন্ত্রীৰ চৰিত্ৰত অভিনয়ৰ প্ৰস্তাৱ দিছিল। ছলমানৰ প্ৰস্তাৱ লাভ কৰি মই অবাক হৈছিলাে। ভাবিছিলাে সন্মতি প্ৰকাশ কৰিম। কাৰণ ছলমান মােৰ প্রিয়।

কিন্তু পাছত বন্ধু এজনৰ পৰামৰ্শত মই ছলমানৰ প্ৰস্তাৱ নাকচ কৰিছিলাে। আচলতে ছলমানৰ পৰা এই প্রস্তাৱ লাভৰ খবৰ পােৱাৰ পাছত মােক এজন বন্ধুৱে পৰামর্শ দি কৈছিল যে বাস্তৱত যদি মই বৈদেশিক মন্ত্রী হ’ব বিচাৰে তেন্তে চিনেমাৰ এই প্রস্তাৱ প্রত্যাখ্যান কৰা উচিত।

বন্ধুৰ পৰামর্শমতে মই প্রস্তাৱ গ্ৰহণ কৰা নাছিলাে। অৱশ্যে পাছত বিমানত ছলমানক হঠাতে লগ পাইছিলাে আৰু তেতিয়া মই ছেলফি তুলিবলৈ পাহৰা নাছিলাে।’ ছলমানৰ পৰা অভিনয়ৰ প্ৰস্তাৱ লাভৰ সন্দৰ্ভত কংগ্ৰেছ সাংসদজনে এইদৰে কয়।

Exit mobile version