নিউজিলেণ্ডত ফাইজাৰৰ প্রতিষেধক লােৱা মহিলাৰ মৃত্যু

COVID 19 Vaccination

আমেৰিকাৰ দৰৱ নির্মাতা প্রতিষ্ঠান ফাইজাৰে তৈয়াৰ কৰা ক’ভিডৰ প্রতিষেধক লােৱাৰ ফলত নিউজিলেণ্ডত এগৰাকী মহিলাই প্ৰাণ হেৰুৱালে।

নিউজিলেণ্ডৰ স্বাস্থ্য মন্ত্রণালয়ে এই কথা প্রকাশ কৰি জনােৱা অনুসৰি প্রতিষেধক লােৱাৰ পাছত উক্ত মহিলাগৰাকীৰ হৃদপিণ্ডৰ মাংসপেশীত সমস্যাই দেখা দিছিল আৰু তেওঁ বুকুত বিষ অনুভৱ কৰিছিল।

পাছত মহিলাগৰাকীৰ মৃত্যু হয়। নিউজিলেণ্ডৰ স্বাস্থ্য বিভাগে জনােৱা অনুসৰি দেশখনত এয়ে প্রথমবাৰৰ বাবে ক’ভিডৰ প্রতিষেধক লােৱাৰ পাছত পার্শ্বক্রিয়াত আক্ৰান্ত হৈ মহিলাই প্রাণ হেৰুৱালে।

নিউজিলেণ্ডৰ প্রতিষেধক নিৰীক্ষণ গােটে মহিলাগৰাকীৰ আকস্মিক মৃত্যুৰ বাবে প্রতিষেধক প্রস্তুতকর্তা ফাইজাৰক জগৰীয়া কৰিছে।

Exit mobile version