নেপালত বানৰ তাণ্ডৱ, নিমখ ২৫০ টকা, চেনি ৩০০ টকাত হৈছে বিক্রী

198795 nepal floods

প্রবল বৃষ্টিপাত আৰু নদীৰ বাঢ়নী পানীৰ ফলত নেপালৰ বহু অঞ্চলত সম্প্রতি বান সমস্যাই। ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সিদ্ধার্থ হাইৱেৰ অধীনস্থ বুটবল- পাল্পা মাগত আধা ডজনৰ অধিক স্থানত হােৱা ভূমিস্খলনৰ ঘটনা অঞ্চলটোত যাতায়াত ব্যাহত হৈছে।

সোমাবাৰে ২৪ ঘণ্টা ধৰি দেশখনৰ প্ৰায়বােৰ অঞ্চলত প্রবল বৃষ্টিপাত অব্যাহত থকাৰ সময়ত বান পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰিছে।

নেপালৰ পাহাৰীয়া অঞ্চলসমূহত সম্প্রতি প্রতি কিলােগ্রাম নিমখৰ মূল্য ২৫০ টকালৈ বৃদ্ধি পাইছে। একে সময়তে দেশখনৰ বিভিন্ন বজাৰত প্রতি কিলাে চেনি ৩০০ টকাত বিক্ৰী হৈছে। খাদ্য তেল, চাউল, সেউজীয়া পাচলি আদিৰাে মূল্য আকাশলংঘী হৈছে।

Exit mobile version