যৌন আকাংক্ষা নোহোৱাকৈ শিশুৰ গাল স্পর্শ যৌন অত্যাচাৰ নহয়, বোম্বে উচ্চ ন্যায়ালয়

693034 bombay high court 02

যৌন আকাংক্ষা নোহোৱাকৈ শিশুৰ গাল স্পর্শ কৰিলে পস্কো আইনৰ অধীনত, যৌন অত্যাচাৰ বুলি বিবেচিত নহয় । সম্প্রতি এই কথা জনাইছে বোম্বে উচ্চ ন্যায়ালয়ে । পস্কো আইনৰ বিভিন্ন ধাৰাত অভিযুক্ত ৪৬ বছৰীয়া এজন ব্যক্তিক জামিন দি এই সদৰী কৰে আদালতে ।

ADVERTISEMENT

অভিযুক্ত ব্যক্তিজন এজন মুৰ্গি মাংস দোকানী । মাংসৰ দোকানৰ ভিতৰত এটি শিশুক যৌন নির্যাতনৰ অভিযোগ কৰা হৈছিল তেওঁৰ বিৰুদ্ধে । ২০২০ৰ এই ঘটনাত ঠানে আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰে । ইয়াৰ পাছৰ পৰা তেওঁ কাৰাগাৰতে আছিল ।

ব্যক্তিজনৰ বিৰুদ্ধে অভিযোগ আছিল, তেওঁ এটি কন্যা শিশুক গালত স্পৰ্শ কৰি মৰম কৰিছিল, সেয়া এগৰাকী মহিলাৰ চকুত পৰে । সেই সময়ত অভিযুক্ত ব্যক্তিজনৰ শৰীৰত কাপোৰ নাছিল । পেন্ট খুলিবলৈও তেওঁ উদ্যত হৈছিল বুলি অভিযোগ । বোম্বে উচ্চ ন্যায়ালয়ে কয়, শিশুটিৰ মাতৃয়ে অভিযোগ দাখিল কৰিছিল । তেৱেঁই মাংসৰ দোকানিক তেওঁৰ পুত্ৰীৰ গাল স্পর্শ দেখিছিল ।

ন্যায়াধীশে জনায়, প্রাথমিক তথ্য প্রমাণৰ পৰা স্পষ্ট নহয় যে, অভিযুক্ত ব্যক্তিজনে যৌন আকাংক্ষাৰেই শিশুটিৰ গাল স্পর্শ কৰিছিল । ইয়াৰ পাছত পস্কো আইনৰ ধাৰা বিস্তাৰিত ব্যাখ্যা কৰি আদালতে জানায়, কোনো ব্যক্তিয়ে কোনো শিশুৰ যোনি, পুৰুষাংগ, মলদ্বাৰ অথবা স্তন স্পর্শ কৰিলে বা তেওঁক সেই স্থান স্পর্শ কৰিবলৈ জোৰ কৰিলে বা অন্য কোনোভাৱে যৌন আকাংক্ষা প্রকাশ কৰিলে তাক পস্কো আইনৰ অধীনত যৌন অত্যাচাৰ হিচাপে অভিহিত কৰা হয় ।

Exit mobile version