এন আৰ এল ‘মেনেজমেণ্ট’ত চৰম অৰাজকতা

শীৰ্ষ বিষয়াই ক্ষমতাৰ অপ-ব্যৱহাৰ কৰিছে : ধৰ্ষণৰ অভিযুক্ত নিহাৰ প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে থিয় দিয়া এজন উপ-প্ৰবন্ধকক নিলম্বন

22

সংবাদ শিৰোনাম দখল কৰা এন আৰ এলৰ ধৰ্ষণ কাণ্ডত অভিযুক্ত নিহাৰ প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে থিয় দিবলৈ গৈ বিপদত পৰিছে এজন সুদক্ষ বিষয়া । এই তথ্য পোহৰলৈ অহাৰ লগে লগেই চৌদিশে এতিয়া তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অসম আন্দোলনৰ ফচল নুমলীগড় শোধনাগাৰ হৈছে এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ । ইয়াৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীৰ ওপৰতে নিৰ্ভৰশীল শোধনাগাৰটোৰ অস্তিত্ব । কিন্তু, বৰ্তমানে শোধনাগাৰৰ ভিতৰ চ’ৰাত সংঘটিত কেতবোৰ ঘটনাই এন আৰ এলত বিৰাজ কৰা চৰম অৰাজকতা আৰু ক্ষমতাৰ অপ-ব্যৱহাৰক প্ৰমাণিত কৰা বুলি একাংশ লোকে অভিযোগ কৰিছে ।

উল্লেখ্য যে যোৱা ১৯ জুলাইত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ পাছতো অভিযুক্ত বিষয়া যন্ত্ৰীকৰণ বিভাগৰ উপ-মহাপ্ৰৱন্ধক নিহাৰ প্ৰসাদ শৰ্মাক এন আৰ এলে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত থাকে । পাছত ভুক্তভোগী মহিলাগৰাকীয়ে গোলাঘাট আৰক্ষী থানাত গোচৰ তৰাত আৰক্ষীয়ে পলাতক অৱস্থাত থকা নিহাৰ শৰ্মাক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰি আনে‌। কিন্তু, ইয়াৰ পাছতো বিষয়াগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিভিন্ন দল-সংগঠন প্ৰতিবাদ মুখৰ হৈ পৰে । ইয়াৰ পাছত উপায়ন্তৰ হৈ গ্ৰেপ্তাৰ হোৱাৰ তিনিদিনৰ পাছত নিহাৰ শৰ্মাক নিলম্বন কৰে।

কিন্তু, এই ক্ষেত্ৰতো কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা এন আৰ এলৰ তৰফৰ পৰা কৰা হোৱা নাই‌। আনকি সংবাদ মাধ্যমকো কোনো আনুষ্ঠানিক তথ্য এই পৰ্যন্ত প্ৰদান কৰা নাই । এই ক্ষেত্ৰত, প্ৰশ্ন কৰাত মানৱ সম্পদ বিভাগৰ উপ-মহাপ্ৰৱন্ধক (জনসম্পৰ্ক) মিন্টু কুমাৰ সন্দিকৈয়ে কোম্পানীৰ কিছু নিয়ম থকাৰ বাবেই আনুষ্ঠানিক মন্তব্য প্ৰদান কৰিব নোৱাৰি বুলি প্ৰকাশ কৰে । যিহেতু এন আৰ এল এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ; গতিকে কিয় ইয়াৰ ভিতৰ চ’ৰাৰ তথ্য ৰাইজে জনাৰ অধিকাৰ নাই বুলি বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হয়। একাংশ দল-সংগঠনেও নিহাৰ শৰ্মাৰ নিলম্বন পত্ৰ ৰাজহুৱা কৰাৰ দাবী জনাইছিল যদিও আজি পৰ্যন্ত এন আৰ এলৰ তৰফৰ পৰা ৰাজহুৱা কৰা হোৱা নাই ।

সম্প্ৰতি এন আৰ এলৰ এনে হঠকাৰী স্থিতিক লৈ অঞ্চলজুৰি ব্যাপক চৰ্চা চলিছে । উল্লেখ্য যে এন আৰ এলত কৰ্মৰত এজন দাস উপাধিৰ উপ-প্ৰবন্ধকে এই ধৰ্ষণ কাণ্ডক লৈ তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সামাজিক মাধ্যমযোগে দেশৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰীকে আদি কৰি শীৰ্ষ আৰক্ষী বিষয়াক ঘটনাৰ তদন্ত বিচাৰি কেতবোৰ কথা তথ্য সহকাৰে প্ৰকাশ কৰিছিল । এই ঘটনাৰ ২৪ ঘণ্টা নৌহওঁতেই বিষয়াগৰাকীক নিলম্বিত কৰা হয়‌ । বিষয়াগৰাকীৰ এনে সাহসী স্থিতিয়ে শোধনাগাৰটোৰ শীৰ্ষ বিষয়াকো জোঁকাৰী যোৱাত অভিযুক্ত বিষয়া নিহাৰ শৰ্মাক বচোৱাৰ ‘মেনেজমেণ্ট’ৰ অভিপ্ৰায় পূৰণ নহ’ব বুলিয়ে বিষয়াগৰাকীক নিলম্বিত কৰাৰ অভিযোগ উঠিছে ।

উল্লেখ্য যে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, নিলম্বিত বিষয়া দাসে বিভিন্ন সময়ত এন আৰ এলৰ কৰ্ম-সংস্কৃতি বিনষ্ট হোৱা সন্দৰ্ভত এন আৰ এল কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল । তদুপৰি, শোধনাগাৰৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাকো তথ্য সম্বলিতভাৱে অভিযোগ দিছিল । কিন্তু, শোধনাগাৰ কৰ্তৃপক্ষই এই অভিযোগৰ ওপৰতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । মূলতঃ শোধনাগাৰটোত এতিয়া পক্ষপাতিত্ব মূলকভাৱে ক্ষমতাৰ অপ-ব্যৱহাৰ হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে । উল্লেখ্য যে শোধনাগাৰটোত কৰ্ম-সংস্কৃতি বিনষ্ট হোৱাৰ উপৰি বিভিন্ন দিশত সীমাহীন অনিয়ম সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে নিহাৰ শৰ্মা গ্ৰেপ্তাৰ হোৱাত কেঁচু খান্দিলে সাপ ওলোৱাৰ ভয়ে শোধনাগাৰটোৰ এক শীৰ্ষ চক্ৰক আতংকিত কৰিছে । সেয়েহে, কাণ্ড জ্ঞানহীন কৰ্মত এন আৰ এল কৰ্তৃপক্ষ লিপ্ত হৈছে বুলিও চৰ্চা চলিছে ।

ইপিনে, শোধনাগাৰটোৰ ‘উইমেন ইন পাব্লিক চেক্টৰ’ সমিতিত এগৰাকী ব্যক্তিয়ে তিনি বছৰহে অধক্ষ্যৰ দায়িত্ব পালন কৰিব পাৰে যদিও কিহৰ আধাৰত বিগত আঠ বছৰে উপ-মহাপ্ৰৱন্ধক জনৈক অধিকাৰীয়ে এই অধক্ষ্যৰ দায়িত্বত আছে বুলিও প্ৰশ্ন উত্থাপিত হৈছে । এনে ক্ষেত্ৰত এন আৰ এলৰ প্ৰতিটো বিষয়েই উচ্চ পৰ্যায়ৰ তদন্তৰ আওতালৈ আনি অসমীয়া জাতিৰ স্বাভিমান নুমলীগড় শোধনাগাৰক ৰক্ষা কৰিবলৈও বিভিন্ন মহলে দাবী জনাইছে ।

Exit mobile version