কলগাছিয়াৰ জনতা গাঁও পঞ্চায়তত পোষণ মাহ উপলক্ষে অঙ্গনৱাড়ী কৰ্মীৰ শোভাযাত্ৰা, ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস

বৰপেটা জিলাৰ মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তগৰ্ত জনতা আৰু ৰুভি সোনাপুৰ গাঁও পঞ্চায়তত আজি দিন জোৰা কাৰ্যসূচীৰে পোষণ মাহ উপলক্ষে এখন শোভাযাত্ৰাৰ আয়োজন কৰা হয়।

উক্ত শোভাযাত্ৰাত সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেবিকা সহ কে’বা শতাধিক অঙ্গনৱাড়ী কৰ্মী সহায়িকা উপস্থিত থাকি বাল্যবিবাহ বন্ধ কৰক, গৰ্ভৱতী মহিলাৰ পাঁচ হেজাৰ টকা পোৱাৰ ব্যৱস্থা কৰক, শিশুৰ পুষ্টিকৰ আহাৰ যোগান ধৰক আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে শোভাযাত্ৰা সামৰণি মাৰে।

উল্লেখযোগ্য যে এই পোষণ মাহ এক ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ চলিব বুলি অঙ্গনৱাড়ী কৰ্মী সকলে জানিবলৈ দিয়ে।

Exit mobile version