কৰ’না সংক্ৰমণৰ মাজতে বয়ষ্ক মাজত দ্ৰুত বৃদ্ধি মধুমেহ : ৪০ নহয় ,৩৫বছৰ বয়সতে নিয়মীয়াভাৱে ৰক্ত শৰ্কৰা পৰীক্ষণ পৰামৰ্শ চিকিৎসক

suffering from diabetes five apps to help you manage your lifestyle better

কৰ’না মহামাৰীৰ ব্যাপক সংক্ৰমণৰ মাজতে আমেৰিকাত বয়ােজ্যেষ্ঠ নাগৰিকৰ মাজত ডায়বেটিছ অর্থাৎ মধুমেহ ৰােগৰ প্রকোপ যথেষ্ট বৃদ্ধি পালে।

আমেৰিকাত মধুমেহ আক্ৰান্তৰ সংখ্যা ক’ভিড কালত বৃদ্ধি পােবাৰ প্ৰতি লক্ষ্য ৰাখি মার্কিন চিকিৎসক গৱেষকে আমেৰিকাবাসীক টাইপ-২ ডায়বেটিছৰ ৰক্ত শর্কা ৩৫ বছৰ বয়সৰ পৰাই পৰীক্ষণৰ পৰামর্শ দিলে।

পূর্বে আমেৰিকাত ৪০ বছৰ বয়সৰ পাছত ৰক্ত শৰ্কৰ নিয়মীয়াভাৱে পৰীক্ষণৰ পৰামর্শ দিয়া হৈছিল। ক’ভিড কালত আমেৰিকাত মেদবহুলতাত ভােগা লােকৰ মাজত টাইপ-২ ডায়বেটিছ যথেষ্ট বৃদ্ধি পাইছে।

তদুপৰি ৪০ বছৰতকৈ কম বয়সৰ জনসংখ্যাৰ মাজতাে দেশখনত মধুমেহত আক্রান্ত সংখ্যা ক’ভিড কালত ক্রমে ঊর্ধ্বমুখী হ’বলৈ ধৰিছে। শেহতীয়া অধ্যয়নৰ তথ্য অনুসৰি, আমেৰিকাত সম্প্রতি প্রতি সাতজন বয়ােজ্যেষ্ঠ নাগৰিকৰ এজন মধুমেহত আক্রান্ত হৈছে।

কৰ’না সংক্রমণৰ মাজতে এইদৰে মধুমেহ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পােৱাৰ ফলত আগন্তুক সময়ত কভিডকেন্দ্রিক স্বাস্থ্য সমস্যা দেশখনত বৃদ্ধি পােৱাৰ শংকা প্ৰকট হৈছে।

মধুমেহৰ পাৰিবাৰিক ইতিহাস থকা লােকসকলৰ ক্ষেত্ৰত ৰক্ত শৰ্কৰা ৩৫ বছৰ বয়সৰ পৰাই নিয়মীয়াভাৱে পৰীক্ষা কৰিবলৈ মার্কিন গৱেষকে পৰামর্শ দিলে।

Exit mobile version