ট্ৰাম্পে ক’লে ‘যুদ্ধত পূৰ্বে কেতিয়াও মাৰ্কিন সেনাৰ এনে দুৰ্দশা হোৱা নাছিল’

00 trump cand page mediumSquareAt3X

আফগানিস্তানৰ পৰা কালি মাৰ্কিন সেনাই সম্পূৰ্ণৰূপে প্ৰস্থান কৰাৰ সময়তে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জ’ বাইডেন প্ৰশাসনক কঠোৰভাৱে সমালোচনা কৰিলে । ট্ৰাম্পে কয় যে মাৰ্কিন ইতিহাসত ইয়াৰ পূৰ্বে কেতিয়াও এইদৰে যুদ্ধ ক্ষেত্ৰৰ পৰা পৰাজিতৰ দৰে মাৰ্কিন সেনাক ওভতাই অনাৰ নিদৰ্শন পাবলৈ নাই ।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজনে লগতে কয় যে আফগানিস্তানত থকা মাৰ্কিন অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সৰঞ্জামসমূহ আমেৰিকাই ওভতাই অনা উচিত, কিয়নো এইসমূহ সামগ্ৰীৰ বাবদ আমেৰিকাই কে’বা বিলিয়ন ডলাৰ ব্যয় কৰিছিল । যদিহে এইসমূহ অস্ত্ৰ-শস্ত্ৰ, যান-বাহন উভতাই অনা নহয়, তেন্তে আমেৰিকাই সেনাবাহিনীক আফগানিস্তানত ৰখা উচিত অথবা বোমাৰে এনেবোৰ সামগ্ৰী ধ্বংস কৰিব লাগে বুলি ট্ৰাম্পে দাবী কৰে ।

ট্ৰাম্পে লগতে কয় যে আমেৰিকাৰ ইতিহাসত এয়ে প্ৰথমবাৰ এখন দীঘলীয়া যুদ্ধত অংশ লোৱাৰ পাছত মাৰ্কিন সেনাই পৰাজিতৰ দৰে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিলে । ইয়াৰ ট্ৰাম্পে মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনৰ আফগান নীতিক দোষাৰোপ কৰে ।

Exit mobile version