দুই দশকৰ অভিলেখ ভংগ কৰিলে দিল্লীৰ বৃষ্টিপাতে, জলমগ্ন অঞ্চলবোৰত ‘কমলা সতৰ্কতা’ জাৰি

888183 sauiqtbpqn 1532666580

মঙলবাৰে নিশাৰ পৰাই একেলেথাৰি বৰষুণ দিয়া আৰম্ভ হৈছে । বুধবাৰে পুৱা বৃষ্টিপাতৰ পৰিমাণ বৃদ্ধি পাই মাৰাত্মক ৰূপ ধাৰণ কৰে । তীব্ৰ বৃষ্টিপাতৰ ফলত দিল্লী আৰু নিকটৱৰ্তী অঞ্চলসমূহ গৃহবন্দী হৈ পৰিছে । তেনে সময়তে বতৰ বিজ্ঞান কেন্দ্ৰৰ (আইএমডি) তৰফৰ পৰা ‘কমলা সতর্কতা’ জাৰি কৰা হৈছে ।

আইএমডি-ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত দিল্লিত বৃষ্টিপাত হৈছে ১১২.১ মিলিমিটাৰ । ১৯ বছৰৰ পুৰণি অভিলেখো ভংগ কৰিছে । ইয়াৰ আগতে ২০১০ৰ ২০ ছেপ্টেম্বৰত ১১০ মিলিমিটাৰ বৃষ্টি হৈছিল দিল্লীত । আইএমডিয়ে জনায়, আগন্তুক ২৪ ঘণ্টা পৰ্যন্ত এনে পৰিস্থিতিয়ে থকাৰ সম্ভাৱনা । এই ক্ষেত্রত পৰিস্থিতিৰ অধিক অৱনতি হ’ব পাৰে বুলি শংকা প্ৰকাশ কৰিছে প্রশাসনে ।

প্রবল বৃষ্টিপাতৰ ফলত ইতিমধ্যেই চহৰৰ নামনি অঞ্চলবোৰত পানী জমা হোৱা আৰম্ভ হৈছে । ফলত বহু পথত যান-বাহন চলাচল ব্যাহত হৈছে । অন্য পথবোৰত প্রবল যানজটৰ সৃষ্টি হৈছে ।

দিল্লী আৰক্ষীৰ তৰফৰ পৰা বুধবাৰে এটি ট্রাফিক সতর্কতা প্রকাশ কৰা হৈছে । প্ৰকাশিত জাননী অনুসৰি, মিন্টো ব্রিজৰ কাষৰ এটা ৰোড আণ্ডাৰপাছৰ দুই দিশৰ কেৰেজৱে জলমগ্ন হোৱাৰ ফলত যান-বাহন চলাচল বন্ধ । ট্রাফিক সতর্কবার্তাত লালা লজপত নগৰ মেট্রো ষ্টেচন আৰু সংলগ্ন ৰাস্তা, মুলচন্দ বাছ ষ্টেণ্ড আৰু সংলগ্ন ৰিং-ৰোড, অৰবিন্দ মার্গ, জংগপুৰা মেট্রো ষ্টেচনৰ নামো আছে ।

মুনিৰকা, এমবি ৰোড আণ্ডাৰপাছ, কস্তুৰবা আণ্ডাৰপাছ, ঝাণ্ডেৱালা, মা আনন্দময়ী মার্গ, ছৰাই পিপল, নৰেলা-বাৱানা পথ, জাহাংগিৰপুৰী, মদনপুৰ সদৰ এলাকাতো পানী জমা হোৱাৰ বাবে যানবাহন চলাচল ব্যাহত হোৱাৰ খবৰ লাভ হৈছে । বহু গাড়ী আৱদ্ধ হৈ পৰিছে । বহু ঘৰতো পানী সোমাইছে । নেটিজেনসকলৰ একাংশ‌ই প্রকাশ কৰা ছবি ইতিমধ্যেই সামাজিক মাধ্যমত বিয়পি পৰিছে ।

দিল্লীৰ নিকটৱৰ্তী হৰিয়ানাৰ গুৰুগ্রাম, মানেছৰ, ফৰিদাবাদ, মহেন্দ্রগড়, ভিৱানিৰ দৰে অঞ্চলো বানন বুৰ গৈছে । প্রবল বৃষ্টিপাতৰ ফলত মাটি খহি পৰাৰ বাবে ক্ষতিগ্রস্ত হৈছে কিছুসংখ্যক পথো ।

Exit mobile version