ফকিৰাগ্ৰাম সমষ্টিত বিশুদ্ধ খোৱা পানী যোগান আঁচনি উদ্বোধন ইএম অৰূপ কুমাৰ দেৰ

d0930079 138b 4c94 90ab 5a81b3a6b7f0

ভাৰত চৰকাৰে ঘোষণা কৰা ‘জল জীৱন অভিযান’ আঁচনিৰ অধীনস্থ বিটিআৰৰ ফকিৰাগ্ৰাম সমষ্টিৰ অধীনত কে’বাটাও বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ উদ্বোধন কৰে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ইএম অৰূপ কুমাৰ দেই ৷ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যৰে আৰম্ভ কৰা আঁচনিৰ অধীনত ৰাইজৰ বাবে নিৰ্মিত আঁচনিৰ উদ্বোধন অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই ভাষণ প্ৰসংগত ৰাইজৰ সহায় সহযোগ কামনা কৰে ।

মাগুৰ মাৰী, ভূৱন নগৰ, মোলান ডুবি, ডালোৱাবাৰী, কোকৰাঝাৰ বাগিচা আদিত বিশুদ্ধ খোৱা পানী যোগান আঁচনি আৰম্ভ কৰা হয় । উক্ত অনুষ্ঠানত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বিটিআৰৰ চিএইছডিৰ লগতে নডাল বিষয়া মনোজ নন্দিৰ উপৰিও অইন অভিযন্তাসকলৰ উপৰিও বিষয়া কৰ্মচাৰীও উপস্থিত থাকে ।

Exit mobile version