মিচন ৫০০০ : সংসদ চলাবলৈ নাইডুৰ ঔষধ

09 09 2018 naidu chicago 18406406 121019722

সংসদ আৰু বিধানসভাত যিসকলে প্রতিবাদৰ নামত কাৰ্যত বাধা প্ৰদান কৰে, তেওঁলোকৰ আচৰণ শুধৰাবৰ বাবে উপায় দিলে উপৰাষ্ট্রপতি বেংকয়া নায়ডুৱে । তেওঁ ‘মিচন ৫০০০’ নামে এক প্রচাৰ অভিযানৰ আহ্বান কৰিছে । ইয়াৰ লক্ষ্য হ’ব, প্রতিখন ৰাজ্যত নির্বাচনী ক্ষেত্ৰত সামাজিক মাধ্যমৰ জৰিয়তে এই নামৰ এটা হেণ্ডেলেৰে প্রচাৰ চলোৱা । সমগ্ৰ দেশৰ পাঁচ হেজাৰ সাংসদ, বিধায়ক আৰু বিধান পৰিষদৰ সদস্যসকলৰ ভিতৰত যিসকলে আইনসভাত আলোচনা ভংগ কৰে, প্রতিবাদ কৰিবলৈ গৈ আবেগিক হৈ ভদ্ৰতাৰ সীমা অতিক্ৰম কৰে, তেওঁলোকৰ কথা ‘মিচন ৫০০০’-ৰ মাধ্যমত দাঙি ধৰাৰ প্রস্তাৱ দিছে উপৰাষ্ট্রপতিজনে ।

মঙলবাৰে প্রথম প্রণৱ মুখোপাধ্যায়ৰ স্মাৰক বক্তৃতাত এই প্রস্তাৱ দিছিল উপৰাষ্ট্রপতি নাইডুৱে । প্রয়াত ৰাষ্ট্রপতিৰ প্রথম মৃত্যু বার্ষিকীত এই বক্তৃতাৰ আয়োজন কৰিছিল প্রণৱ মুখোপাধ্যায় লিগেচি ফাউণ্ডেচনে । বক্তৃতাৰ শীর্ষক আছিল, ‘সাংবিধানিকতা : গণতন্ত্র আৰু সামূহিক উন্নয়নৰ নিশ্চয়তা প্রদানকাৰী ।’ উপৰাষ্ট্ৰপতি নাইডুৰ মতে, ‘মিচন ৫০০০’-ৰ প্রচাৰ অভিযান আৰু জনমতৰ চাপে যদি আইন প্রণয়নকাৰীসকলৰ আচৰণ সলনি কৰি দিব পাৰে, তেন্তে আইনসভাবোৰৰ ছবি সলনি হৈ পৰিব ।

এইবাৰৰ বাদল অধিবেশনত কিছুসংখ্যক বিল হুলস্থূলৰ মাজেৰে পাছ কৰা হয় যদিও, কম সময়হে আলোচনা কৰা হয় । উপৰাষ্ট্ৰপতি নাইডুৱে কয়, বিষয় যিয়েই নহ‌ওক আলোচনাই একমাত্র উপায় বুলি কৈছিল প্রণৱ মুখোপাধ্যায়ে । তেওঁ কেৱল তীক্ষ্ণ স্মৃতিৰ অধিকাৰীয়ে নহয়, ঐক্যমত্য তৈয়াৰ কৰাৰ অসাধাৰণ ক্ষমতাও আছিল তেওঁৰ । তেওঁৰ সূত্র আছিল, বিতর্ক আৰু আলোচনাৰ ভিত্তিত সিদ্ধান্ত, বাধা প্ৰদান নহয় (ডিবেট, ডিছকাছ এণ্ড ডিচাইড । ডোন্ট ডিজৰাপ্ট) ।

অতীতৰ লেনদেনৰ ওপৰত কৰ জাপি দিয়াৰ আইন প্ৰণয়ন হৈছিল প্রণৱ মুখোপাধ্যায় বিত্তমন্ত্রী থকা সময়ছোৱাত । সেই কৰ প্রত্যাহাৰৰ বিল পাছ হয় বাদল অধিবেশনত । আলোচনাৰ মাধ্যমৰে সিদ্ধান্তৰ প্রসংগত নাইডুৱে মন্তব্য কৰে, “প্রণৱদা জীয়াই থাকিলে হয়তো ইয়াক সম্ভাষণেই জনালে হয় ।” যদিও প্রণৱ মুখোপাধ্যায়ে তেওঁৰ আত্মজীৱনীত স্পষ্টভাৱে উল্লেখ কৰিছে, “কৰ দিয়াৰ প্রচুৰ সমালোচনা হ’লেও পৰৱর্তী কোনো বিত্তমন্ত্রীয়ে বিলখন বাতিল কৰা নাই । দেশৰ স্বার্থতেই এই কাম কৰিছো ।”

Exit mobile version