লক্ষৌত নির্মাণ কৰা হ’ব ব্রহ্মছ ক্ষেপণাস্ত্র :ঘােষণা ৰাজনাথৰ

1629919979 5101

এইবাৰ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষৌত নির্মাণ কৰা হ’ব।অত্যাধুনিক ব্রহ্মছ ক্ষেপণাস্ত্র। ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগত তৈয়াৰ কৰা এই ছুপাৰছ’নিক ক্ষেপণাস্ত্র ভাৰতীয় সেনা বাহিনীৰ অন্যতম ঘাতক হাতিয়াৰ হিচাপে পৰিচিত হৈ আহিছে।

ADVERTISEMENT

মঙলবাৰে প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে এই কথা ঘােষণা কৰি কয়, “আমি সিদ্ধান্ত লৈছাে যে লক্ষৌত ব্রহ্মছ ক্ষেপণাস্ত্র তৈয়াৰ কৰা হ’ব। মুখ্যমন্ত্ৰীৰ হিচাপ অনুসৰি ইয়াৰ ফলত প্রায় পাঁচ হেজাৰ লােকে কর্মসংস্থাপন লাভ কৰিব।

উল্লেখ্য যে বর্তমানে হায়দৰাবাদত ব্রহ্মছ ক্ষেপণাস্ত্র তৈয়াৰ কৰা হয়। বিগত দুবছৰ ধৰি উত্তৰ প্ৰদেশক প্রতিক্ষা ক্ষেপণাস্ত্র নির্মাণকাৰী কেন্দ্র হিচাপে গঢ় দিবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্রী যােগী আদিত্যনাথে চেষ্টা অব্যাহত ৰাখিছে।

ব্রহ্মছ ক্ষেপণাস্ত্রই ঘণ্টাত ৩৭০০ কিলােমিটাৰ বেগৰে গতি কৰি লক্ষ্যস্থানত আঘাত হানিব পাৰে। ২০০৬ত ভাৰতীয় স্থলসেনা আৰু নৌসেনাৰ অস্ত্রভাণ্ডাৰত এই ক্ষেপণাস্ত্র অন্তর্ভুক্ত কৰা হৈছিল।

Exit mobile version