ৰাজ্যত ক’ভিড পৰিস্থিতি হ্ৰাস হােৱাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্রতিবন্ধকতা আৰু সান্ধ্য আইনৰ ক্ষেত্ৰত আৰু অধিক শিথিলতা অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে

a0b16988 12c4 447a 86f3 fe50cfbb56b2

★আজি এখন সংবাদমেল সম্বোধন কৰি এই নতুন এছঅ’পি প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । আজি ১১ বজাৰ পৰাই কার্যকৰী হৈছে এই নতুন এছঅ’পি । ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা। নিশা ন বজাৰ পৰা পুৱা পাঁচ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন।

★নিশা আঠ বজালৈ খুলিব পাৰিব হােটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক বাণিজ্যিক প্রতিষ্ঠান, বিক্ৰী কেন্দ্র, শ্ব’ৰােম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি।

★এইপর্যন্ত এপালিও ক’ভিড প্রতিষেধক নােলােৱাকৈ থকা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে অহা তিনিদিনৰ ভিতৰত ক’ভিড প্রতিষেধক গ্ৰহণ কৰিব লাগিব।

★প্রত্যেক চৰকাৰী কাৰ্যালয়ৰ মূৰব্বী বিষয়াই নিজ কার্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে ক’ভিড প্রতিষেধক গ্রহণ কৰিছে নে নাই, সেই বিষয়ে পৰীক্ষা কৰিব। বৰ্তমানলৈকে এপালিও প্রতিষেধক নােলােৱা বিষয়া-কৰ্মচাৰীসকলে আগন্তুক তিনি দিনৰ ভিতৰতে প্রথম পালি প্রতিষেধক লােৱাটোও মূৰব্বী বিষয়াই সুনিশ্চিত কৰিব।

★কেতবােৰ চৰ্তসাপেক্ষে ৰাজ্যৰ সকলাে জিলা সামৰি আন্তঃজিলা যাতায়ত মুকলি।

★আন্তঃ জিলা আৰু অন্তঃ জিলা যাতায়তৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাছ আদিত ১০০ শতাংশ আসনতে যাত্রী পৰিবহনত অনুমতি।

★কিন্তু কোনাে যাত্রী পৰিবাহী বাহনেই আসন সংখ্যাৰ অতিৰিক্ত ভাৱে থিয় কৰি যাত্ৰী নিব নােৱাৰিব। যাত্রী থিয় কৰি নিয়া বাহন ধৰা পৰিলে, তেনে বাহন আৰু থিয় হৈ যােৱা যাত্রীৰ ওপৰত বর্ধিত হাৰত জৰিমণা বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰা হ’ব।

★কমেও এপালি ক’ভিড প্রতিষেধক লােৱা লােকেহে আন্তঃ জিলা আৰু অন্তঃ জিলা যাতায়ত কৰিব পাৰিব। সকলো যাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

★অট’ৰিক্সা, চাইকেল ৰিক্সা, টেক্সীৰ ক্ষেত্ৰতাে ১০০ শতাংশ আসনতে যাত্রী পৰিবহনত অনুমতি। অৱশ্যে কমেও এপালি ক’ভিড প্রতিষেধক লােৱা আৰু মাস্ক পৰিধান কৰাটো যাত্রী-চালকৰ বাবে বাধ্যতামূলক।

★কমেও এপালি ক’ভিড প্রতিষেধক লােৱা লােকৰ ক্ষেত্ৰত বাইক-মটৰ চাইকেলত দুজন উঠাত অনুমতি। মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

★ব্যক্তিগত লঘু যান-বাহনেৰে যাত্ৰা কৰিলেও সকলাে যাত্রীৰ বাবেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

★শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত স্নাতকোত্তৰ বা সমপর্যায়ৰ পাঠ্যক্রম, স্নাতক বা সমপর্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান পর্ব মুকলিত অনুমতি।

★অৱশ্যে একোটা শ্রেণীকক্ষত সর্বাধিক ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে একেলগে পাঠগ্রহণ কৰিব পাৰিব। শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে ছাত্র-ছাত্রীৰ সংখ্যা অনুসৰি প্রয়ােজন হােৱাকৈ অতিৰিক্ত শ্রেণীকক্ষৰ ব্যৱস্থা কৰিব।

★স্নাতকোত্তৰ বা সমপর্যায়ৰ পাঠ্যক্রম, স্নাতক সমপর্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠগ্রহণৰ বাবে ছাত্র-ছাত্রীসকলে কমেও এপালি ক’ভিড প্রতিষেধক গ্রহণ কৰাটো বাধ্যতামূলক। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত ১৮ বছৰৰ অনুৰ্দ্ধ ছাত্র-ছাত্ৰীসকলে ক’ভিড প্রতিষেধক অবিহনেই শ্ৰেণীকোঠাত পাঠগ্রহণ কৰিব পাৰিব যদিও ইতিমধ্যে ১৮ বছৰ হােৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্র-ছাত্রীসকলে কমেও এপালি প্রতিষেধক ল’লেহে শ্রেণীকোঠালৈ আহিব পাৰিব।

★বৃহস্পতিবাৰৰ পৰা প্রথম তিনিদিনত এই শিক্ষানুষ্ঠানসমূহৰ অধ্যাপক-শিক্ষক, কর্মচাৰী আৰু ছাত্র-ছাত্রী (১৮ বছৰ ঊৰ্দ্ধৰ) সকলে ক’ভিড প্রতিষেধক গ্ৰহণ কৰাটো শিক্ষানুষ্ঠান কর্তৃপক্ষই সুনিশ্চিত কৰাৰ উপৰি শিক্ষানুষ্ঠান চৌহদ তথা শ্ৰেণীকোঠাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে বীজাণুনাশনৰ ব্যৱস্থা কৰিব লাগিব। শ্ৰেণীকোঠাত পাঠদান প্রক্রিয়া অহা সােমবাৰৰ পৰাহে আৰম্ভ কৰিব।

★স্নাতকোত্তৰ বা সমপর্যায়ৰ পাঠ্যক্রম, স্নাতক বা সমপর্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ এই পাঠদানৰ বাবে হােষ্টেল মুকলিত অনুমতি। অৱশ্যে কেৱল দুয়ােপালি ক’ভিড প্রতিষেধক লােৱা ছাত্র-ছাত্রীয়েহে হােষ্টেলত থাকিব পাৰিব।

★মুকলি স্থানত আয়ােজিত সভা-সমিতি, সামাজিকাৰাজহুৱা অনুষ্ঠানত কমেও এপালি ক’ভিড প্রতিষেধক লােৱা সর্বাধিক ৫০গৰাকী লােকে ভাগ ল’ব পাৰিব। এইক্ষেত্ৰত স্থানীয় আৰক্ষীক আগতীয়াকৈ অৱগত কৰিব লাগিব। অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্রাপ্ত সভা-সমিতি-অনুষ্ঠানৰ ক্ষেত্ৰত সর্বাধিক ২০০ গৰাকী লােকে (কমেও এপালি ক’ভিড প্রতিষেধক লােৱা) অংশগ্ৰহণ কৰিব পাৰিব।

★প্রেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আৱদ্ধ কক্ষ আয়ােজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০
শতাংশ আসন সংখ্যাৰ লােকৰ অংশগ্রহণতহে অনুমতি থাকিব।

★বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সর্বাধিক ৫০ গৰাকীলােকে। কমেও এপালি ক’ভিড প্রতিষেধক লােৱা লােকেহে পাৰিব ভাগ ল’ব পাৰিব। অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সর্বাধিক ৫০ গৰাকী লােকে ।

★ৰাজ্যৰ বিখ্যাৎ ধর্মীয়স্থানসমূহ (কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পােৱামক্কা আদিত প্রতি ঘণ্টাত সর্বাধিক ৪০ গৰাকী লােকৰ দৰ্শনত অনুমতি। আন ধর্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ২০গৰাকী লােকৰ বাবে অনুমতি। কমেও এপালি ক’ভিড প্রতিষেধক লােৱা লােকৰ বাবেহে মুকলি থাকিব ধর্মীয় স্থানৰ চৌহদত প্রৱেশৰ সুযােগ।

★সাপ্তাহিক বজাৰসমূহ সর্বাধিক ছয় ঘন্টীয়া শ্বিফ্টৰে মুকলিত অনুমতি।

★বিমানবন্দত দুয়াে পালি ক’ভিড প্রতিষেধক লােৱা বিমানযাত্রীক ক’ভিড পৰীক্ষণৰ পৰা ৰেহাই। ক’ভিড প্রতিষেধক এপালিহে লােৱা বা এপালিও নােলােৱাকৈ থকা বিমানযাত্রীৰ বাবে ক’ভিড পৰীক্ষা বাধ্যতামূলক। প্রতিষেধক নােলােৱা বিমানযাত্রীৰ বাবে বিমান বন্দৰত ২৫০ টকাৰ ৰেহাই মূল্যত আৰটি- পিচিআৰক’ভিড পৰীক্ষাৰ ব্যৱস্থা বাধ্যতামূলক।

Exit mobile version