ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে অনুষ্ঠিত কৰা সভাত বাঙালী সংগঠনৰ নেতৃবৃন্দক আমন্ত্ৰণ নকৰাত ক্ষোভ প্ৰকাশ সদৌ অসম বাঙালী যুৱছাত্ৰ ফেডাৰেছনৰ

WhatsApp Image 2021 09 01 at 7.48.07 PM

অসমৰ কে’বাটাও সংগঠনৰ স’তে অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে আলোচনাত বহিছিল নতুন শিক্ষা পলিচী আৰু শিক্ষা ব্যৱস্থাক লৈছে; কিন্তু এই আলেচনালৈ নিমন্ত্রণ জনোৱা নহ’ল অসমৰ বাঙালী জনগোষ্ঠীৰ কোনো সংগঠনকে । যাৰ বাবে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বিটিআৰ জোনাল কমিটিৰ সভাপতি গোপাল ঘোষে ক্ষুন্ন হৈ পৰিছে শিক্ষা বিভাগ আৰু শিক্ষামন্ত্ৰীৰ লগতে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ওপৰত ।

আজি এক প্ৰেছ বাৰ্তাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বিটিআৰ জোনাল কমিটিৰ সভাপতি গোপাল ঘোষে অভিযোগ কৰি কয় যে অসম চৰকাৰে অসমত বসবাস কৰা ৯০ লাখ বাঙালী লোকক উপেক্ষিত কৰিছে ।

Exit mobile version