আৰৱ সাগৰৰ পাৰত প্ৰবাসী অসমীয়া চেমনীয়াক অসমীয়া শিক্ষাৰ পাঠ

ভাদ মাহ উদ্‌যাপনৰ ব্যতিক্ৰমী প্ৰয়াস মুম্বাইৰ অসম সাহিত্য সভাৰ

asam sahitya sabha 480 2

আৰৱ সাগৰৰ পাৰত থাকিও মুম্বাইৰ অসম সাহিত্য সভাৰ স্বৰ্ণ শাখাই এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে অসমৰ পৱিত্ৰ ভাদ মাহ উদ্‌যাপন কৰে । প্ৰৱিত্ৰ ভাদ মাহৰ আৰম্ভণিতে মুম্বাই স্বৰ্ণ শাখা সাহিত্য সভাই গুগল মিটৰ জৰিয়তে অসমৰ লেখক, গৱেষক ইছমাইল হোছেইনক অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনায় ।

“আজিৰ আধুনিক সমাজত শ্ৰীমন্ত শংকৰদেৱ” শীৰ্ষক বিষয়ৰ ওপৰত আলোকপাত কৰি ইছমাইল হোছেইনে গুৰুজনাৰ কৰ্মৰাজীৰ বিষয়ে কৰা গৱেষণা আৰু গ্ৰন্থসমূহৰ চমু আভাস দিয়ে । অনুষ্ঠানৰ আৰম্ভণিতে মুম্বাই স্বৰ্ণ শাখাৰ আহ্বায়িকা তথা আজীৱন সদস্যা নিলোফাৰ য়াচমিনে এটি বৰগীতেৰে সকলোকে আদৰণি জনায় ।

ভাষণ প্ৰসংগত হোছেইনে শংকৰদেৱৰ ধৰ্ম সাংস্কৃতিক ধৰ্ম, কাৰণ বিজ্ঞানসন্মতভাৱে কৰা আধ্যাত্মিক চিন্তাতহে গুৰুজনাই বিশ্বাস ৰাখিছিল বুলি হোছেইনে কয় । তেওঁ কয় যে, তাহানিৰ দিনতেই গুৰুজনাই ১৪টা ভাষা জানিছিল । অনুষ্ঠানটোৱে প্ৰবাসী অসমীয়াৰ মাজত বেচ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় ।

আনহাতে, মুম্বাই স্বৰ্ণ শাখাই আৰম্ভ কৰা “অসমীয়া শিকো আহা” অনুষ্ঠানটোৰ অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি উদ্যোক্তাসকলে জানিব দিয়ে । গুগল মিটৰ জৰিয়তে চলোৱা এই অনুষ্ঠানটোৰ যোৱা ১৮ আগষ্টৰ দিনা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰা হয় । ইয়াৰ পাছত অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শ‌ইকীয়াৰ স’তে সমূহ ছাত্ৰ-ছাত্ৰীৰ এক অন্তৰংগ আলাপ অনুষ্ঠিত কৰে ।

এই অনুষ্ঠানটোৰ প্ৰতি ডঃ শইকীয়াই কৃতজ্ঞতা জনোৱাৰ লগতে অনুষ্ঠানটোৰ কাম-কাজৰ ভূয়সী প্ৰশংসা কৰে । ডঃ শইকীয়াই এই সম্পৰ্কে মন্তব্য কৰে যে, সাধুকথাৰ জৰিয়তে শিশুসকলক আনন্দ দিয়াৰ লগতে শিক্ষামূলক কথাও শিকাব পাৰি । তেওঁ নৱ প্ৰজন্মক আমাৰ ভাষা আমাৰ গৌৰৱ বুলি অনুভৱ কৰিবলৈ আহ্বান জনায় ।

Exit mobile version