উন্নত প্ৰজাতিৰ গাহৰি পালনেৰে স্বাৱলম্বী গণকপুখুৰীৰ উচ্চ শিক্ষিত দুই যুৱক

pigs

গোলাঘাট জিলাৰ গণকপুখুৰীৰ অন্তৰ্গত এলেংমূৰীয়া গাঁৱৰ উচ্চ শিক্ষিত দুই যুৱকে চৰকাৰী চাকৰিৰ মোহ এৰি উন্নতমানৰ পশু-পক্ষী পালনেৰে আত্মসংস্থাপিত হোৱাৰ লগতে নিবনুৱা যুৱকসকললৈ আদৰ্শ দাঙি ধৰিছে । বিশ্ব বিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্রীধাৰি অভিনৱ দত্ত আৰু পশু পালন বিষয়ত উচ্চ প্ৰশিক্ষিত বিনয় বৰুৱা নামৰ যুৱক দ্বয়ে প্ৰাথমিক কালত ৫০,০০০ টকা মূলধনেৰে উন্নত প্ৰজাতিৰ গাহৰি পালন কৰিবলৈ লয় । ইয়াৰ বাবে প্ৰয়োজনীয় আচুতিয়া ক্ষেত্রত ১০টা কোঠালি যুক্ত পকী গোহালি নিৰ্মাণ কৰি উপযুক্ত পানী আৰু বিদ্যুতৰ ব্যৱস্থাৰে এওঁলোকে বাৰটা পোৱালি লৈ গাহৰি পালন আৰম্ভ কৰে ।

গুৱাহাটীৰ ৰাণীত থকা (I.C.A.R- National Research Centre On Pig) ৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰত গাহৰি পালন বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰি বিনয় বৰুৱাই বিজ্ঞান সন্মত পদ্ধতিৰে পশু পালনৰ কৰ্ম পন্থা হাতত লয় । তেওঁ ডিব্ৰুগড়স্থিত ‘আদিত্য বৰা গাহৰি পালন কেন্দ্ৰ’ৰ পৰা সংগ্ৰহ কৰা পোৱালীসমূহ ডিউৰক, লাৰ্জ য়ৰ্ক চায়াৰ আৰু হেম্প চায়াৰ আদি উন্নত প্ৰজাতিৰ ।

চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই সময় অপচয় কৰাৰ পৰিৱৰ্তে দুই যুৱকে আৰম্ভ কৰা পশু পালন বৃত্তিত ১০ মাহত পোৱালি বিক্ৰী কৰি প্ৰথমে ৪০,০০০ টকা আয় কৰে। অসমৰ জলবায়ু যিহেতু গাহৰি পালনৰ অনুকুল তথা মাংসৰ চাহিদা অতি বেছি সেয়েহে, গৰু ম’হৰ সলনি গাহৰি পালন কৰিলে কম সময়তে যথেষ্ট টকা উপাৰ্জন কৰিব পাৰি বুলি তেওঁলোকে কয় ।

গাহৰি পালনৰ দিহা পৰামৰ্শ আৰু চিকিৎসাৰ ক্ষেত্রত এওঁলোকক ৰুবুল নাহৰ ডেকা আৰু ডাঃ সুধাশু বিমল পাঠকে যথেষ্ট সহায় কৰিছে । বিশেষতঃ শ্বাইন ফিভাৰ প্ৰতিৰোধী বেজি প্ৰদান কৰা ,পশু খাদ্য, যেনে – চাউল, কচু, গোমধানৰ গুৰিৰ উপৰি মিনাৰেল মিক্সাৰ, কেলছিয়াম গ’ল্ড, ড্ৰাই ফিড আদিৰ দিহা দিয়াত এওঁলোক সহায়ক হৈছে । একোটা প্ৰাপ্তবয়স্ক গাহৰিৰ ওজন ৮০ কিলো পৰ্যন্ত হোৱা এই ফাৰ্মখনত বৰ্তমান ৫২ টা পোৱালি, ২০ টা মতা আৰু ২৩ জনী মাতৃৰে প্ৰায় ১০ লাখ টকা মূল্যৰ গাহৰি আছে বুলি যুৱকদ্বয়ে সদৰী কৰিছে । তদুপৰি টাৰ্কি, টিটৰ, ব্লেক হেন আদি দুষ্প্রাপ্য পক্ষীও তেওঁলোকে ব্যৱসায় ভিত্তিত পালন কৰিছে । ইয়াৰে কেঞ্চাৰ প্ৰতিৰোধক হিচাপে ব্যৱহৃত ব্লেক হেনৰ প্ৰতি কিলোৰ বজাৰ মূল্য প্ৰায় ১,২০০ টকা ।

ধান খেতি আৰু ১০ বিঘা মাটিৰ চাহ খেতিৰ লগতে মৎস্য উৎপাদনৰ মিশ্ৰিত কৃষি কৰা বিনয় বৰুৱাৰ সহায়ক হিচাপে কৰ্মৰত হৈ সম্প্ৰতি গাঁওখনৰে তিনিটা পৰিয়ালৰ জীৱন নিৰ্বাহ হৈছে । স্থানীয়ভাৱে গাহৰি পালন কৰি নিবনুৱা যুৱকসকল যে স্বাৱলম্বী হোৱাৰ লগতে আৰ্থিকভাৱেও স্বচ্ছল হ’ব পাৰে তাৰেই উদাহৰণ হৈছে বিনয় বৰুৱা আৰু অভিনৱ দত্ত । চৰকাৰী দিহা আৰু অৰ্থ সাহায্য নোহোৱাকৈ এনে সাফল্য নৱপ্ৰজন্মৰ বাবে নিতান্তই আদৰ্শনীয় ।

Exit mobile version