গুৱাহাটীত মুকলি কৰা হ’ল ৰয়েল এনফিল্ডৰ অল নিউ ক্লাছিক ৩৫০

WhatsApp Image 2021 09 02 at 5.19.02 PM

মধ্যম ওজনৰ মটৰ চাইকেল [২৫০-৭৫০ চিচি]ৰ শাখাৰ গোলকীয় নেতা ৰয়েল এনফিল্ডে আজি গুৱাহাটীত বহু প্রত্যাশিত অল-নিউ ক্লাছিক ৩৫০ মুকলি কৰিছে। আধুনিক চালকৰ প্রত্যাশা পূৰণৰ বাবে এই আদর্শ তথা চিৰকালীন ক্লাছিকখন মসৃণ আৰু বিশুদ্ধ চালনা অভিজ্ঞতাৰ স’তে পুনঃনির্মাণ তথা পৰিবৰ্ধন কৰা হৈছে।

গুৱাহাটী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ডিলাৰম্বিপতে এই নতুন মটৰ চাইকেলখন উপলব্ধ। ৰয়েল এনফিল্ড এপ; প্রতিষ্ঠানটোৰ ৱেবছাইট, ডব্লিউ ডব্লিউ ডব্লিউ ডট ৰয়েল এনফিল্ড ডট কম আৰু নিকটৱৰ্তী ৰয়েল এনফিল্ড ক্টৰৰ মাধ্যমেৰে অল-নিউ ক্লাছিক ৩৫০ টেষ্ট ৰাইড আৰু বুকিং উপলব্ধ।

সমগ্ৰ বিশ্বৰ মটৰ চাইকেল অনুৰাগীয়ে পছন্দ কৰা বিশুদ্ধ, বিপৰীতমুখী মটৰ চাইকেল নিৰ্মাণৰ দিশত অল নিউ ক্লাছিক ৩৫০৩ ৰয়েল এনফিল্ডৰ প্ৰতিপত্তিত এক নতুন অধ্যায়ৰ সূচনা কৰিছে।

২০০৮ চনত মুকলিৰে পৰা ক্লাম্বিকৰ এখন মটৰ চাইকেল হিচাপে উত্থান ঘটিছে, যি মধ্যম ওজনৰ মটৰ চাইকেলৰ শাখাক পুনঃসংজ্ঞায়িত কৰিছে আৰু এই শাখাটোক গোলকীয়ভাৱে নেতৃত্ব প্ৰদানৰ বাবে যাত্ৰা আৰম্ভ কৰি ৰয়েল এনফিল্ডৰ পুনঃজন্মক দ্রুত কৰি তুলিছে।

১২ বছৰ আৰু তিনি নিযুতৰো অধিক মটৰ চাইকেলৰ পিছত ক্লাছিকে নিজা ৰাজত্বৰ সূচনা কৰিছে আৰু এই প্রতিপত্তিক আগবঢ়াই নিবলৈ অল নিউ ক্লাছিক ৩৫০ সাজু হৈছে ।

Exit mobile version