দক্ষিণ আফ্রিকাত কৰ’নাৰ নতুন প্রজাতিৰ সন্ধান

covid 19

কৰ’না ভাইৰাছৰ আৰু এটা নতুন প্রজাতিৰ সন্ধান লাভ কৰা হ’ল দক্ষিণ আফ্রিকাত। শুৰৰ আকৃতিৰ কৰনাৰ এই নতুন ভাইৰাছে দ্রুতগতিত নিজৰ ৰূপ পৰিৱৰ্তন কৰিব পাৰে।

ডেল্টা’সহ অন্যান্য প্রজাতিৰ তুলনাত দক্ষিণ আফ্রিকাত নতুনকৈ ধৰা পৰা ক’ভিডৰ এই প্রজাতিয়ে কমেও দ্বিগুণ গতিত ৰূপ সলনি কৰিব পাৰে বুলি গৱেষকসকলে তথ্য নিশ্চিত কৰিছে।

তদুপৰি এই প্ৰজাতিৰ কৰ’নাৰ সংক্রমণণা দ্রুতগতিত হােৱাৰ যথেষ্ট শংকা আছে। আমেৰিকাৰ নেচনেল ইনষ্টিটিউট ফ’ৰ কমিউনিকেবল ডিজিজেছ (এন আই চি ডি)-এ ক’ভিডৰ নতুন প্রজাতিৰ সন্দৰ্ভত এইদৰে,তথ্য প্রকাশ কৰিছে। যােৱা মে’তে দক্ষিণ আফ্রিকাত এই প্রজাতিৰ ভাইৰাছবিধ ধৰা পৰিছিল আৰু ইয়াৰ নাম চি.১.২ ৰখা হৈছে।

Exit mobile version