ভুৱা বাতৰি প্ৰতিৰোেধ কৰিবলৈ ডিজিটেল মিডিয়াক নিয়ন্ত্রণ প্রস্তুতি কেন্দ্র

man computer simbyosis

দেশৰ ডিজিটেল সংবাদ মাধ্যমক নিয়ন্ত্ৰণৰ বাবে যাে-জা চলাইছে কেন্দ্র চৰকাৰে। চৰকাৰৰ মতে, ডিজিটেল সংবাদ মাধ্যমে প্রকাশ কৰা একাংশ বিভ্রান্তিকৰ খবৰে মানুহক মৃত্যুৰ মুখলৈকো ঠেলি দিছে।

সেয়েহে ডিজিটেল সংবাদ মাধ্যমক অচিৰে ভুৱা বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত বাধা দিয়া জৰুৰী হৈছে বুলি কেন্দ্রই নতুন আইন প্রণয়নৰ চিন্তা-চর্চা কৰিছে।

উল্লেখ্য যে ২০২১ত দেশত কেন্দ্রীয় চৰকাৰে যি সামাজিক মাধ্যমৰ আইন প্ৰৱৰ্তন কৰিলে, এই আইনৰ আওতাত ডিজিটেল সংবাদ মাধ্যমসমূহ অন্তর্ভুক্ত হােৱা নাই।

সেয়েহে ডিজিটেল সংবাদ মাধ্যমক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ চৰকাৰে নতুন আইন প্রৱর্তনৰ প্রয়ােজনীয়তা অনুভৱ কৰিছে। কেন্দ্ৰৰ মতে, ডিজিটেল সংবাদ মাধ্যমৰ সবাতােকৈ বিপজ্জনক দিশটো হৈছে ভুৱা সংবাদ প্রচাৰ।

অসত্য বা- বাতৰি প্ৰচাৰত বাধা দিবলৈ সেয়েহে কেন্দ্ৰৰ চৰকাৰে কেতবােৰ নীতি- নিয়ম নির্ধাৰণৰ কথা বিবেচনা কৰিছে।

Exit mobile version