তালিবান চৰকাৰৰ নেতৃত্বত দুৰ্ধষ মোল্লা বেৰাদৰ

e0e31ae4 a716 44b0 af25 31c17d069be6

তালিবানৰ অন্যতম প্ৰতিষ্ঠাতা মোল্লা বেৰাদৰে নেতৃত্ব দিব আফগানিস্তানৰ নতুন চৰকাৰৰ। তালিবানৰ ৰাজনৈতিক কাৰ্য্যালয়ৰ নেতৃত্বত আছে বেৰাদৰ। লগতে থাকিব মোল্লা ওমৰৰ পুত্ৰ য়াকুৱ, মহম্মদ আব্বাছ স্থানেকজাই। তালিবান বাহিনীৰ এইসকল শীৰ্ষ নেতা আহি কাবুলত বাহৰ পাতি থকা বুলি সূত্ৰত প্ৰকাশ।

আন এক সূত্ৰত প্ৰকাশ যে মূৰব্বী হেবাতুল্লা আখুন্দজাদাই ধৰ্মীয় বিষয় আৰু চৰকাৰৰ বিষয়বস্তু ইছলামিক নিয়ম অনুসৰি পৰিচালিত হোৱাৰ ওপৰত দৃষ্টি ৰাখিব ।১৫ আগষ্টত তালিবান বাহিনীয়ে কাবুল দখল কৰিছিল ।

আন এক সূত্ৰে প্ৰকাশ যে সৰ্বাংগীন চৰকাৰৰ কথা কলেও বৰ্তমান অন্তৱৰ্তীকালীন চৰকাৰত তালিবানৰ সদস্য সকলেই থাকিব।

Exit mobile version