৫০০ খিলঞ্জীয়া শিক্ষিত যুৱক যুৱতীক সংস্থাপন দিব ব্যক্তিগত খণ্ডৰ এটা প্ৰতিষ্ঠানে ।তিনিচুকীয়াত ভাৰত চৰকাৰৰ পথ-পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ অধীনৰ কমন ফিটমেন্ট চেন্টাৰ আৱ স্পীড গভৰ্ণৰচ্ নামৰ এটা কেন্দ্ৰ মুকলি কৰি এই মন্তব্য আলফা নেতা অনুপ চেতিয়াৰ ।
তিনিচুকীয়াৰ নৱনিৰ্মিত ট্ৰাক ষ্টেণ্ডত কেন্দ্ৰটো মুকলি কৰি কেন্দ্ৰটোৱে গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা গতি নিয়ন্ত্ৰক যন্ত্ৰ গাড়ীত সংস্থাপন কৰিব বুলিও মন্তব্য কৰে আলফা নেতা গৰাকীয়ে ।
ইফালে শেহতীয়াকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰা এক লাখ যুৱক যুৱতীৰ সংস্থাপন প্ৰদানৰ লগত ব্যক্তিগত প্ৰতিষ্ঠানটোৱে সংস্থাপন প্ৰদান কৰিব লগীয়া ৫০০ যুৱক যুৱতীও যোগ হ’ব বুলিও মন্তব্য কৰে আলফা নেতা অনুপ চেতিয়া ।





























