কলগাছিয়াৰ শওঁপুৰ, বৰটাৰীত বেঁকী আৰু মানাহ নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বৰপেটা জিলা উপায়ুক্তৰ

কলগাছিয়াৰ শওঁপুৰ আৰু বৰটাৰীত বেঁকী আৰু মানাহ নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় বৰপেটা জিলাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুষালে । উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি কলগাছিয়াৰ শওঁপুৰ, বৰটাৰী, সুঁতিৰ পথাৰ, খাৰবাল্লী আদি গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ ভেটি-মাটি, খেতি-পথাৰ বেঁকী আৰু মানাহ নৈৰ বুকুত জাহ গৈছে । খহনীয়াগ্ৰস্ত পৰিয়ালৰ লোকসকলে মুকলি আকাশৰ তলত জীৱন যাপন কৰিব লগা হৈছে ।

চৰকাৰৰ তৰফৰপৰা কোনো ধৰণৰ সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত আজি হঠাৎ বৰপেটা জিলাৰ জিলা উপায়ুক্তই উক্ত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ লগত মত বিনিময় কৰে আৰু প্ৰয়োজন অনুসৰি ক্ষতিগ্ৰস্ত পৰিয়ালক সহায় কৰা হ’ব বুলি জানিবলৈ দিয়ে । জিলা উপায়ুক্তৰ এই পৰিদৰ্শন কালত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা উপস্থিত থাকে ।

জিলা উপায়ুক্তগৰাকীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰা এই পদক্ষেপক বিভিন্নজনে আদৰণি জনাইছে ।

Exit mobile version