কাদং বজাৰত ভাৰতীয় গো-সুৰক্ষা বাহিনী বৰপেটা জিলা সমিতিৰ বিশেষভাৱে সক্ষম লোকৰ মাজত ফল বিতৰণ

WhatsApp Image 2021 09 04 at 6.00.52 PM

বৰপেটা জিলাৰ কাদং আঞ্চলিক বিকলাংগ সন্থা (বিশেষভাৱে সক্ষম)ৰ উদ্যোগত ভাৰতীয় গো-সুৰক্ষা বাহিনী বৰপেটা জিলা কমিটিৰ সহযোগত কাদং বিকলাংগ সন্থাৰ কাৰ্যালয়ত আজি বিশেষভাৱে সক্ষম লোকৰ মাজত ফল-মুল বিতৰণ কৰা হয় । তদুপলক্ষে মুকছেদ আলীৰ সভাপতিত্বত অনুষ্ঠিত বিতৰণী সভাত উদ্দেশ্য ব্যাখ্যা কৰে কাদং আঞ্চলিক বিকলাংগ সন্থাৰ সম্পাদক আমিনুল হকে ।

উক্ত সভাত ভাৰতীয় গো সুৰক্ষা বাহিনী বৰপেটা জিলা কমিটিৰ সভাপতি ৰণজিৎ দাস, কাৰ্যকৰী সভাপতি জাহিদুল ইছলাম, আইন উপদেষ্টা মইনুল হক, সম্পাদক দীপজ্যোতি ওজা, জাহাঙ্গীৰ চৌধুৰী, সংখ্যালঘু কোষৰ সভাপতি নজমুল হুছেইন (বাবুল), ৰাজ্যিক কমিটিৰ সদস্য আবুল কালাম আজাদ, উপস্থিত থাকে ।

গো হত্যাৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নিয়ম-নীতি মানি চলিবলৈ সকলো স্তৰৰ ৰাইজক আহ্বান জনোৱাৰ লগতে বিশেষভাৱে সক্ষম লোকৰ প্ৰতি চৰকাৰৰ সু-দৃষ্টি কামনা কৰিছে গো-সুৰক্ষা বাহিনীৰ বৰপেটা জিলা সমিতিয়ে ।

Exit mobile version