গুৱাহাটী প্ৰেছ ক্লাৱত ত্রয়োদশ বাৰ্ষিক ভবেন বৰুৱা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাৱত ত্রয়োদশ বাৰ্ষিক ভবেন বৰুৱা বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত বিশিষ্ট অভিনেতা নিপন গোস্বামীক ২০২১ বৰ্ষৰ ভবেন বৰুৱা বঁটা প্ৰদান কৰা হয় । বঁটাত আছে মানপত্ৰ, শৰাই, জাপি, চেলেং,স্মাৰক আৰু নগদ দহ হাজাৰ টকা । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া ।

আনহাতে বিশিষ্ট অতিথি ৰূপে নৰ্থ-ইষ্ট কেঞ্চাৰ হাস্পতালৰ অধ্যক্ষ গণেশ তামুলী, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, মুখ্য উপদেষ্টা কমল ভৰালী, সাধাৰণ সম্পাদক পলাশ চাংমাই উপস্থিত থাকে । অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট নাট্যকাৰ ভবেন বৰুৱাৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । সভা উদ্বোধন কৰি কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা কমল ভৰালীয়ে নাট্যকাৰ ভবেন বৰুৱাৰ স্মৃতিচাৰণ কৰি এই বঁটাৰ তাৎপৰ্য ব্যাখ্যা কৰে ।

যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পার্থ প্ৰতীম শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানটো সমবেত সংগীতেৰে মুকলি কৰা হয় । অনুষ্ঠানত যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ বিষয়ববীয়া, সদস্যৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে । উল্লেখ্য, ২০০৯ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে ।

Exit mobile version