টুইটৰ নামত টুইটাৰত গালি-গালাজ কৰিলে সাতদিনলৈ ব্ল’ক হ’ব একাউণ্ট

twitter ads social share.jpg.twimg .768

টুইটাৰত গালি-গালাজ কৰা লোকসকল সাৱধান হ‌ওক । কিয়নো টুইটাৰে সম্প্ৰতি এটা সুৰক্ষা ব্যৱস্থাৰ পৰীক্ষণ চলাইছে । টুইটাৰ ব্যৱহাৰ কৰাৰ সময়তে যিসকল লোকে অভব্য ভাষা ব্যৱহাৰ কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ’ব মাইক্ৰ’ ব্ল’গিং ছাইটটো ।

এতিয়াৰে পৰা টুইটাৰত অভব্য ভাষাৰে গালি-গালাজ পাৰিলে তেনে ব্যক্তিৰ একাউণ্ট টুইটাৰে সাতদিনলৈ অস্থায়ীভাৱে বন্ধ ৰাখিব ।

উল্লেখ্য যে সম্প্ৰতি টুইটাৰত গালি-গালাজ কৰা আৰু অভব্য ভাষা ব্যৱহাৰেৰে টুইট কৰাৰ প্ৰৱণতা একাংশ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত বৃদ্ধি পাইছে । টুইটাৰৰ একাউণ্টধাৰকসকলক অসামাজিক আচৰণ প্ৰদৰ্শনৰ পৰা আঁতৰাই ৰাখিবলৈ মাইক্ৰ’ ব্ল’গিং ছাইটটোৱে কঠোৰ সিদ্ধান্ত লৈছে ।

Exit mobile version