সুৰা ক্ৰয় কৰিবলৈ লাগিব ক’ভিড টিকাকৰণৰ প্ৰমাণপত্ৰ ! তামিলনাডুত এশ শতাংশ টিকাকৰণ কৰিবৰ বাবে এই সিদ্ধান্ত

liquor shop

ৰাজ্য চৰকাৰ পৰিচালিত দোকানৰ পৰা সুৰা ক্ৰয় কৰিবলৈ গ’লে দেখুৱাব লাগিব টিকাৰ শংসাপত্র । টিকাকৰণ সম্পূর্ণ হ’লেহে সুৰা কিনিব পাৰিব । সম্প্রতি এই ঘোষণা কৰিছে তামিলনাডুৰ নীলগিৰি জিলাৰ প্রশাসনে । যাক লৈ বিতর্কৰ সৃষ্টি হৈছে । জিলাৰ সকলো প্রাপ্তবয়স্কক টিকাকৰণ কৰিবলৈ এই পদক্ষেপ লোৱা হয়েছে বুলি কয় জিলাপ্ৰশাসকে ।

এক ছেপ্টেম্বৰৰ পৰা নীলগিৰি জিলাত এই নিয়ম আৰম্ভ কৰা হৈছে বুলি জনাইছে তামিলনাডুৰ জিলাপ্ৰশাসক জে ইনোছেন্ট দিব্যাই । সুৰা কিনিবৰ বাবে ক’ভিড টিকাৰ শংসাপত্র দেখুওৱাক লৈ দিব্যাই কয়, ‘‘প্ৰতিষেধক ল’বলৈ যোগ্যসকলৰ ভিতৰত ৯৭ শতাংশক প্ৰতিষেধক দিয়া হৈছে । ঘৰে ঘৰে গৈও টিকা দিয়া হৈছে । কিন্তু কিছু সুৰা সেৱকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে । তেওঁলোকৰ দাবী, প্ৰতিষেধক গ্ৰহণ কৰিলে দুই-তিনদিন সুৰা পান কৰিব নোৱাৰিব । সেয়ে তেওঁলোকে প্ৰতিষেধক গ্ৰহণ নকৰে । এনেধৰণৰ মানুহৰ বাবেই আমি ১০০ শতাংশ টিকাকৰণৰ লক্ষ্যত উপনীত হ’ব পৰা নাই । সেয়ে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।’’ অন্তত এপালি প্ৰতিষেধক ল’লেও সুৰা কিনিব পাৰিব বুলি তেওঁ জনায় ।

Exit mobile version