একেলগে অভিষেক শ্বাহৰুখ-শ্ৰীদেৱীৰ কন্যাৰ

69608858

একালৰ তাৰকা অভিনেত্রী প্রয়াত শ্ৰীদেৱীৰ জ্যেষ্ঠা কন্যা জাহ্নৱী কাপুৰে ইতিমধ্যে বলিউদৰ ছবিত অভিনয় কৰিছে। এইবাৰ বলিউদত আত্মপ্রকাশৰ বাবে সাজু হৈছে। শ্ৰীদেৱীৰ কনিষ্ঠা কন্যা খুছি কাপুৰেও? খুছিৰ লগতেই বলিউদত অভিষেক ঘটাব শ্বাহৰুখ খানৰ কন্যা সুহানা খানেও।

সম্প্রতি এক সূত্রই এই কথা সদৰী কৰিছে। সচৰাচৰ কৰণ জোহৰৰ ছবিৰ যােগেদিয়ে তাৰকা-সন্তানৰ বলিউদৰ ছবিত আত্মপ্রকাশ ঘটে। সেই বাবেই কৰণৰ বিৰুদ্ধে স্বজন-তােষণৰাে অভিযােগ উঠিছিল। সকলােৱে ভাবিছিল যে সুহানা আৰু খুছিয়ে হয়তাে কৰণ জোহৰৰ ছবিৰেই অভিষেক ঘটাব। অৱশ্যে সূত্রই সেই কথা অস্বীকাৰ কৰিছে। বৰঞ্চ এই দুই তাৰকা-কন্যাই অভিনয় কৰিব প্রতিভাৱান পৰিচালিকা জয়া আখতাৰৰ পৰৱৰ্তী ছবিত।ইতিমধ্যে নিজৰ প্ৰথম ছবিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে দুই তাৰকা -কন্যাই ।

সূত্ৰই জনোৱা অনুসৰি মতে,ছবিখন হ’ব বিখ্যাত কমিক্স আৰ্চিৰ বলিউদ সংস্কৰণ। পৰিচালনা কৰাৰ লগতে জয়াই নিজে চিত্রনাট্য ৰচনা কৰিছে। অৱশ্যে অটিটি প্লেটফৰ্মৰ নেটফ্লিক্সতহে ছবিখনে মুক্তি পাব। এই ৰোমান্টিক কমেডী ছবিখনত একাংশ স্কুলীয়া বন্ধু-বান্ধৱীয়ে একেলগে ফুৰিবলৈ যোৱাৰ কাহিনী তুলি ধৰা হ’ব ।ছবিৰ মূল কেন্দ্ৰবিন্দু হ’ব সুহানা।সূত্ৰই জনোৱা মতে,ছবিখনত আৰু এক তাৰকা -সন্তানক দেখা পোৱা যাব।যদিও এই বিষয়ত নিৰ্মাতাৰ তৰফৰ পৰা সদৰী কৰা নাই । ইতিমধ্যে ছবিৰ চিত্ৰনাট্য ৰচনাৰ কাম আৰম্ভ হৈছে। শীঘ্ৰেই চিত্ৰগ্ৰহণ আৰম্ভ হ’ব।

Exit mobile version