ক’ভিড আক্রান্ত ৰবি শাস্ত্রী, ভাৰতীয় দলৰ প্ৰশিক্ষকসহ চাৰিজন কোৱাৰেণ্টাইন

skysports ravi shastri india 5501356

ক’ভিড আক্রান্ত ৰবি শাস্ত্রী । কোৱাৰেণ্টাইত আছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক । ভাৰতীয় দলৰ আৰু তিনিজন ছাপ’র্ট ষ্টাফকো কোৱাৰেণ্টাইত ৰখা হৈছে । জনালে ভাৰতীয় ক্রিকেট বোর্ড (বিসিসিআই)য়ে ।

ব’র্ডৰ তৰফৰ পৰা জয় শ্বাহে কয়, ‘‘ভাৰতীয় দলৰ চিকিৎসকসকলে প্ৰশিক্ষক ৰবি শাস্ত্রীক কোৱাৰেণ্টাইনত থাকিবলৈ দিছে । লগতে বলিং প্ৰশিক্ষক ভৰত অৰুণ, ফিল্ডিং প্ৰশিক্ষক আৰ শ্রীধৰ আৰু ফিজিঅ’থেৰাপিষ্ট নিতিন পেটেলকো কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া হৈছে । শনিবাৰে ফ্লো টেষ্টত শাস্ত্রীৰ কৰ’না পৰীক্ষণৰ ফলাফল পজিটিভ আহে । আৰটি পিচিআৰ পৰীক্ষা কৰা হৈছে । সেই পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰা হৈছে ।’’

ভাৰতীয় দল ইতিমধ্যে ওভালত খেলিবলৈ নামিছে । ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় দিনৰ শেষত ১৭১ ৰানত আগবাঢ়ি আছিল তেওঁলোক ।

Exit mobile version