গৌৰীপুৰ উন্নয়ন খণ্ডত এনৰেগা আঁচনিৰ লাখ লাখ টকাৰ দুৰ্নীতিৰ অভিযোগ

খণ্ড উন্নয়ন বিষয়াসহ গাণনিক বিষয়াক গ্ৰেপ্তাৰ

PSX 20210905 192745

ধুবুৰীৰ গৌৰীপুৰ উন্নয়ন খণ্ড এলেকাৰ বিভিন্ন পঞ্চায়ত এম জি এনৰেগা আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত লাখ লাখ টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছিল । অভিযোগৰ ভিত্তিত বিভাগীয় উচ্চ পৰ্যায়ৰ তদন্তকাৰী দল আৰু ধুবুৰী জিলা প্ৰশাসনৰ ফালৰ পৰা চৰ জমিন তদন্ত কৰা হৈছিল ।

জিলা প্ৰশাসনৰ তদন্তৰ প্ৰতিবেদনত ওলাই পৰিছিল উক্ত উন্নয়ন খণ্ডৰ বিয়াগম কেলেংকাৰীৰ তথ্য । তাৰ পাছতেই যোৱা আঠ জুলাইত জিলা প্ৰশাসনৰ ফালৰ পৰা ধুবুৰী সদৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল । সেইমৰ্মে ধুবুৰী আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি ইতিমধ্যে অভিযন্তা ছাদ্দাম হুছেইন আৰু আব্দুল্লাহ আল মাছুদ মোল্লাক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে ।

তাৰ পাছতেই আজি পুনৰ গ্ৰেপ্তাৰ হয় গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়া খবিৰ উদ্দিন আহমেদ আৰু গাণনিক বিষয়া আখিৰুল ইছলাম । আজি দুয়োকে ধুবুৰী আদালতত হাজিৰ কৰাৰ পাছত ধুবুৰী আদালতে দুয়োকে জেল হাজতলৈ প্ৰেৰণ কৰে । কিন্তু এতিয়াও পলাতক অৱস্থাত আছে ভেণ্ডৰ জাহিদুল ইছলাম ।

উল্লেখ্য যে, একেই কেলেংকাৰীৰ অভিযোগত গৌৰীপুৰ আৰক্ষী থানাতো খণ্ড উন্নয়ন বিষয়া অভিযন্তা আৰু ভেণ্ডৰৰ বিৰুদ্ধে ৰুজু হৈছে পৃথক গোচৰ ।

Exit mobile version