চিবিআইৰ সাফল্যৰ মূল্যায়ন উচ্চতম ন্যায়ালয়ত

390638 supreme court of india 02

একাধিক তদন্তৰ ক্ষেত্রত অযথা বিলম্বৰ বাবে এইবাৰ দেশৰ শীর্ষ ন্যায়ালয়ৰ ৰোষত পৰিল কেন্দ্রীয় তদন্ত সংস্থা চিবিআই । উচ্চতম ন্যায়ালয়ে এক নির্দেশনিত জনায়, তেওঁলোকে তদন্ত কৰা সাফল্যৰ হাৰ জনাবলৈ নির্দেশ দিছে শীৰ্ষ ন্যায়ালয়ে । সেই তথ্য লাভ কৰিলে চিবিআইৰ মূল্যায়ন কৰিব উচ্চতম ন্যায়ালয়ে । এটা তদন্তত চিবিআইয়ে ৫৪২ দিন পলম কৰাৰ বাবে গোচৰ ৰুজু কৰা হয় উচ্চতম ন্যায়ালয়ত । সেই গোচৰৰ পৰিপ্রেক্ষিততে শুকুৰবাৰে এক নির্দেশ দিছে সর্বোচ্চ ন্যায়ালয়ৰ দুই বিচাৰপতিৰ বেঞ্চে ।

বিচাৰপতি সঞ্জয় কিষন কৌল আৰু ন্যায়াধীশ এমএম সুন্দৰেশক লৈ গঠিত দুই সদস্যৰ বেঞ্চৰ মন্তব্য, কেৱল গোচৰ দাখিল কৰি তদন্ত কৰাই চিবিআইৰ কাম নহয় । তাৰ বিচাৰ যাতে সুস্থভাৱে হয়, সেয়া নিশ্চিত কৰাও তদন্ত সংস্থাৰ দায়িত্ব । তদুপৰি, বিভিন্ন নিম্ন আদালত আৰু উচ্চ ন্যায়ালয়ৰ তদন্তত সংস্থাটোৱে কেইটা গোচৰৰ দোষীসকলক অভিযুক্ত প্রমাণ কৰিবলৈ সফল হৈছে, সেই বিষয়ে চিবিআইৰ ডিৰেক্টৰক জনোৱাৰ নির্দেশ দিছে শীৰ্ষ ন্যায়ালয়ে । লগতে, সংস্থাৰ আইন বিভাগক শক্তিশালী কৰিবলৈ তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়াও চিবিআই ডিৰেক্টৰক জনোৱাৰ নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে । এই পর্যন্ত নিম্ন আদালত আৰু উচ্চ ন্যায়ালয়ত কেইটা গোচৰ আৰু সেইবোৰ কিমান দিন ধৰি চলি আছে, সেই তথ্যও জনাব লাগিব ।

শুনানিত চিবিআইক প্ৰশ্ন কৰি অতিৰিক্ত ছলিচিটৰ জেনেৰেল সঞ্জয় জৈনে জনায়, ভাৰতৰ জটিল আইনী প্রক্রিয়াৰ ফলত সাফল্যৰ হাৰৰ বিষয়টো সংস্থাৰ দক্ষতা নির্ধাৰণৰ বহু মানদণ্ডৰ ভিতৰত এটা হ’ব পাৰে । কিন্তু তেওঁৰ সেই প্ৰস্তাৱত অসন্মত ন্যায়াধীশসকলে জনায়, সমগ্ৰ বিশ্বৰ বাবে একেই মানদণ্ড আৰু চিবিআইৰ ক্ষেত্রত তাৰ ব্যতিক্রম হোৱাৰ কোনো কাৰণ নাই ।

Exit mobile version