নিজকে ভালে ৰাখিবলৈ কৰিনাৰ এটা পৰামৰ্শ আজিও মানি চলে ছেইফে

Saif Ali Khan Kareena Kapoor Khan to move into new home to welcome second child

সামাজিক মাধ্যমৰ পৰা নিজকে দূৰত ৰাখে ছেইফ আলী খানে । তেওঁক কেতিয়াও ফেচবুক আৰু ইনষ্টাগ্ৰামত দেখা পোৱা নাযায় । পত্নী কৰিনাৰ কাপুৰ খানৰ উপদেশ মানি নিজকে এই সকলোবোৰৰ পৰা আঁতৰি থাকে বুলি জনাইছে ছেইফ আলি খানে।

ছেইফ আলি খান আৰু কৰিনাৰ নাম সদায় ট্ৰ’ল কৰাৰ লক্ষ্যৰ তালিকাৰ শীৰ্ষত আছে। কেতিয়াবা যদি তেওঁলোকৰ দুই সন্তানৰ নাম, কেতিয়াবা আকৌ ‘তাৰকা-শিশু’ এনে ধৰণৰ বিভিন্ন ট্ৰ’লৰ সন্মুখীন হয় তৰকা দম্পতি।

এইবাৰ সামাজিক মাধ্যমত তেওঁক লৈ কি লিখিছে সেইয়া নিয়মিত পৰীক্ষা কৰিছে অভিনেতাগৰাকীয়ে । নিজৰ বিষয়ে যিকোনো নেতিবাচক মন্তব্য দেখিলে ছেইফৰ মনোভাৱ বেয়া হয়।সেইবাবেই এইসমূহ নিৰীক্ষণ কৰা বন্ধ কৰিবলৈ উপদেশ দিছে কৰিনাই ।

সম্প্ৰতি এক সাক্ষাৎকাৰত ছেইফে কয়, “মই আৰু এতিয়া কোনো নেতিবাচক মন্তব্য নপঢ়ো ।” মই সামাজিক মাধ্যমৰ পৰা নিজকে আঁতৰাই ৰাখিছোঁ ।তাতেই ভালে আছোঁ।

তেওঁ লগতে কয়, “গুগল কৰিয়ে চাব পাৰি, কেতিয়া মই কি কৰিছোঁ ।তাৰ পাছত হয়তো এনেকোৱা কিছু পঢ়িব পাওঁ যে যিয়ে মোৰ মনটো দুখী কৰি তোলে । তেতিয়াই মোৰ পত্নীয়ে মোক এই অভ্যাসটো ত্যাগ কৰাৰ পৰামৰ্শ দিছিল ।”

কৰিনাৰ কথা মানি সামাজিক মাধ্যমৰ পৰা আঁতৰি আছিল ছেইফে । সামাজিক মাধ্যমত নিজক লৈ লিখা কোনো ধৰণৰ বাতৰি বা লিখা পঢ়া নাই অভিনেতাগৰাকীয়ে । ছেইফে অনুভৱ কৰে যে নেটিজেনসকলৰ সহায়ত হিংসা বিয়পোৱাটো অতি সহজ। গতিকে তেওঁ ভাবে যে তাৰ পৰা দূৰত্ব ৰখাটো সৰ্বশ্ৰেষ্ঠ ।

Exit mobile version