পাকিস্তানত আত্মঘাতী বিস্ফোৰণ, নিহত তিনি, আহত ২০

img

পাকিস্তানৰ দক্ষিণ-পশ্চিম কোৱেটাত আফগানিস্তান সীমান্তৰ কাষত আত্মঘাতী বিস্ফোৰণ ঘটিছে । সূত্ৰ অনুসৰি, এই বিস্ফোৰণত পাকিস্তানৰ প্ৰায় তিনিজন আৰ্ধসেনাৰ মৃত্যু হৈছে । পাকিস্তান আৰক্ষীৰ সন্ত্ৰাস দমন শাখাৰ এজন বিষয়াই এই খবৰ নিশ্চিত কৰিছে । কিন্তু এই পৰ্যন্ত কোনো গোষ্ঠীয়ে এই আক্ৰমণ সংঘটিত কৰাৰ বুলি স্বীকাৰ কৰা নাই ।

সূত্রৰ খবৰ, আফগান সীমান্তৰ কাষত ‘ফ্রন্টিয়াৰ কনষ্টেবলাৰী গার্ডছ’ৰ শিবিৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰা হৈছিল । শিবিৰৰ কাষত হাজাৰা সম্প্রদায়ৰ বাসিন্দাসলৰ শাক-পাচলি আৰু ফল-মূলৰ বাজাৰো আছে । আৰক্ষী বিষয়া আজহাৰ আক্রমে সংবাদ সংস্থাক জনায়, বিস্ফোৰণত প্ৰায় ২০ জন আহত হৈছে । তেওঁলোকৰ ভিতৰত বহু সাধাৰণ মানুহো আছে ।

এই ঘটনাৰ বাবে তেহৰিক-ই-তালিবান পাকিস্তানক দোষাৰোপ কৰিছে পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানে । তেওঁ টুইটাৰত লিখে, ‘কোৱেটাত তেহৰিক-ই-তালিবান পাকিস্তানৰ আত্মঘাতী আক্ৰমণক গৰিহণা দিছো । নিহতসকলৰ পৰিয়াললৈ সমবেদনা জানাইছো । আহতসকলৰ দ্রুত সুস্থতা কামনা কৰিছো । সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে যিসকলে প্রাণ ত্যাগ দিছে সেই নিৰাপত্তাৰক্ষীসকলক প্ৰণাম জানাইছো ।’

বালুচিস্তান তথা তাৰ ওচৰ-পাজৰৰ অঞ্চলত ইয়াৰ আগতেও বহুবাৰ আক্ৰমণৰ বলি হৈছে শিয়া সম্প্রদায়ৰ লোকসকল । সুন্নি সম্প্রদায়ৰ একাধিক উগ্র গোষ্ঠীৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ কৰা হৈছে । এই ক্ষেত্রটো সেই একেই ঘটনা ঘটিছে বুলি অনুমান কৰিছে আৰক্ষীয়ে ।

Exit mobile version