মানাহত ফুৰিবলৈ আহি এজন যুৱকৰ মৃত্যু, নিশাৰ ভাগত নৈত উদ্ধাৰ মৃতদেহ

WhatsApp Image 2021 09 05 at 4.03.09 PM

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী তথা বাগসাৰ শালবাৰীৰ কাচিমদহা নৈত শনিবাৰে নিশাৰ ভাগত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷

উদ্ধাৰ হোৱা মৃতদেহটো বৰপেটা ৰোডৰ যুৱক চিন্ময় দাস(১৭)ৰ বুলি আৰক্ষী আৰু পৰিয়ালৰ লোকে চিনাক্ত কৰিছে৷ শনিবাৰে আবেলি নিজৰ ককায়েকৰ লগতে লগৰীয়াৰ স’তে মানাহলৈ ফুৰিবলৈ আহি জ্ঞাতিগাঁৱৰ কাষৰীয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ অহা কাচিমদহা নামৰ নৈখনত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল যুৱকজন ৷

তৎমুহূৰ্ততে হুৱাদুৱা লাগে উপস্থিত থকা লোকসকলৰ মাজত ৷যিয়ে যেনেকৈ পাৰে যুৱকজনক বচাবলৈ উঠিপৰি লাগে যদিও নৈৰ বুকুতেই সন্ধানহীন হৈ পৰে যুৱকজন ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত শালবাৰী আৰক্ষী,বাঁহবাৰী আৰক্ষী আৰু এছডিআৰএফ বাহিনী উপস্থিত হৈ প্ৰায় এঘণ্টাজোৰা বিচাৰ খোচাৰৰ অন্তত নিশাৰ ভাগত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে চিন্ময় দাস নামৰ যুৱকজনে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বজালীৰ পাঠশালাৰ শ্ৰীৰাম একাডেমি নামৰ শিক্ষানুষ্ঠানখনত উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিছিল ৷

বৰপেটাৰ বাউসী বাণীকান্ত কাকতি কলেজৰ অধ্যাপক তথা বৰপেটা ৰোড নিবাসী গিৰিধাৰী দাসৰ দ্বিতীয় পুত্ৰ আছিল চিন্ময় দাস ৷

Exit mobile version