অনিন্দিতা পালৰ কণ্ঠত ‘মেঘে মেঘে বাজিছে মলহাৰ’ শীৰ্ষক গীতৰ ভিডিঅ’ মুকলি

মেঘ আৰু বৰষুণক লৈ সৃষ্টি হোৱা এটা কবিতাক সুৰ আৰু কণ্ঠ প্ৰদান কৰি এক কাহিনীৰ ৰূপ দিছে কণ্ঠশিল্পী অনিন্দিতা পালে । ‘মেঘে মেঘে বাজিছে মলহাৰ ‘শীৰ্ষক এই ভিডিঅ’টো আজি কটন এলুমিনি ভৱনত মুকলি কৰা হয় । বিশিষ্ট কবি, সাহিত্যিক ডঃ কৰৱী ডেকা হাজৰিকাই ৰচনা কৰা ‘মেঘে মেঘে বাজিছে মলহাৰ’ শীৰ্ষক গীতৰ ভিডিঅ’টো মুকলি কৰে বিশিষ্ট ছবি নিৰ্মাতা জাহ্নু বৰুৱা, বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, গীতিকাৰ ডঃ কৰৱী ডেকা হাজৰিকা, অভিনেতা কপিল বৰা আৰু মেঘৰঞ্জনী মেধিয়ে ।

ভিডিঅ’টো মুকলি কৰি জাহ্নু বৰুৱাই ইয়াক এক অপূৰ্ব সৃষ্টি বুলি অভিহিত কৰে । তেওঁ কয়, “যিকোনো সৃষ্টিৰ আঁৰত বহু লোকৰ কষ্ট আৰু অৱদান থাকে । কিন্তু আমাৰে দুৰ্ভাগ্য যে আমি এনে এখন সমাজত বাস কৰি আছো য’ত ইয়াৰ মূল্য বুজা লোক তেনেই সামান্য । তথাপিও মই ভাবো নিজৰ সৃষ্টিক লৈ কেতিয়াও কাৰো স’তে আপোচ কৰিব নালাগে । নিজৰ সৃষ্টি সদায় অমূল্য । তাৰ মৰ্যদা পাবই লাগিব । আৰু তাৰ বাবে আমি যুঁজি যাবই লাগিব ।”

অনুস্থানত গীতিকাৰ ডঃ কৰৱী ডেকা হাজৰিকাই কয়, “মোৰ জীৱনৰ দুটি ভাল লগা শব্দ মেঘ আৰু বৰষুণ । মেঘে ভৰা এটা গধূলিৰ বৰ্ণনাৰে এটা কবিতা লিখিছিলো মই । মোৰ সেই কবিতাটোক সুৰ-সংগীত আৰু সুন্দৰ কণ্ঠৰে সজাই তুলিলে অনিন্দিতাই । বাৰিষাৰ আমেজ পালোঁ গীতটো শুনি । গীতটোত বৰষুণৰ গোন্ধ আছে, শীতল শীতল ভাব আছে । ৰাগৰ আধাৰত সুৰ দি গীত এটা কৰাৰ মোৰ এটা হেঁপাহ আছিল । সেয়ে মই মোৰ এই কবিতাটো অনিন্দিতাক দিছিলোঁ । তেওঁ মোৰ গীতটোৰ সৈতে ন্যায় কৰিলে । মেঘে ভৰা সেই গধূলিটো গীতটোৰ মাজত জীয়াই ৰাখিলে ।”

গীতটোৰ সন্দৰ্ভত মনীষা হাজৰিকাই কয়, ‘অনিন্দিতাৰ কণ্ঠত গীতটোৱে প্ৰাণ পাই উঠিছে । গীতটোৰ কথা, সুৰ, সংগীত, অভিনয় তথা উপস্থাপন অতিকৈ সুন্দৰ । গীতটোৱে সমগ্ৰ পৰিৱেশটো জীপাল কৰি তুলিলে ।’ বিশিষ্ট নাট্যকাৰ, পৰিচালক নয়ন প্ৰসাদে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট সংগীতজ্ঞ ৰমেন চৌধুৰী, ভূপেন উজীৰ, জে পি দাস, পুলক বেনাৰ্জী প্ৰমুখ্যে বহু শিল্পী তথা গন্য মান্য ব্যক্তি উপস্থিত থাকে । উল্লেখ্য, ‘মেঘে মেঘে বাজিছে মলহাৰ’ শীৰ্ষক গীতটোৰ ভিডিঅ’ত অভিনয় কৰিছে কপিল বৰা, মেঘৰঞ্জনী মেধি আৰু অনিন্দিতা পালে ।

Exit mobile version