যােৱা মাৰ্চৰ পৰা বৰ্তমানলৈকে আমেৰিকাত ডেৰ কোটিৰাে অধিক পালি ক’ভিড প্রতিষেধক নষ্ট হ’ল। মার্কিন দৰৱ প্রতিষ্ঠান আৰু ৰাজ্যিক প্রশাসনে এই পৰিসংখ্যা প্ৰকাশ কৰিছে।
বিশ্বৰ অসংখ্য দেশে ক’ভিডৰ প্ৰতিষেধকৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে আমেৰিকাৰ দৰে উন্নত দেশত টিকা নষ্ট হােৱা ঘটনাই বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।
পৰিসংখ্যা অনুসৰি, আমেৰিকাত যি ডেৰ কোটি পালি প্রতিষেধক নষ্ট হ’ল, এই প্রতিষেধকৰ জৰিয়তে বিশ্বৰ ২০ খনৰাে অধিক ক্ষুদ্র দেশৰ সকলাে নাগৰিকৰ টিকাকৰণ সম্পন্ন হ’লহেঁতেন।
সঠিক সংৰক্ষণ ব্যৱস্থা অৱলম্বন নকৰাৰ ফলতে বৃহৎসংখ্যক ক’ভিড প্রতিষেধক এইদৰে নষ্ট হােৱা বুলি মার্কিন স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।