বহি কথা পাতি থাকোতে শ্বাৰ্টৰ পকেটতে মোবাইল বিস্ফোৰণ ! জানিবলৈ চাওক সেই ভাইৰেল ভিডিঅ’

Screenshot 140

সাধাৰণতে শ্বাৰ্টৰ পকেটত মোবাইল ৰাখিবলৈ দিয়া নহয়, কাৰণ মোবাইলৰ ৰছডিয়েচনে আমাৰ হৃদযন্ত্ৰত প্ৰভাৱ পেলায় । তদুপৰি, ইয়াৰফোন লগাই মোবাইলত কথা পাতোতেও স্বাস্থ্য বিশেষজ্ঞ‌ই বিভিন্ন সতৰ্কবাণী দিয়ে ।

উদাহৰণস্বৰূপে, দোকানত বহি কথা পাতি থকোতে মোবাইল বিস্ফোৰণ হোৱা এজন ব্যক্তিৰ ভাইৰেল ভিডিঅ’ই চাব পাৰে । ভিডিঅ’টোত দেখা যায়, কেইজনমান লোকে দোকানত বহি কথা পাতি আছিল হঠাৎ বগা শ্বাৰ্ট পৰিধান কৰা এজন লোকৰ পকেটত থকা মোবাইলৰ পৰা ধোঁৱা ওলাবলৈ লয় । মানুহজনে আতংকত মোবাইলটো তলত পেলায় দিয়ে । ক্ষন্তেক পাছতে মানুহজনে পুনৰ মোবাইলটো বাহিৰলৈ দলি মাৰি দিয়ে ।

এই সকলোবোৰ ঘটনা দোকানখনৰ চিচিটিভি কেমেৰাত বন্দী হৈ থাকে । সম্প্ৰতি ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু শতাধিক লোকে ভিডিঅ’টো চাইছে ।

Exit mobile version