বাইডেন ,মৰ্কেল,জনছনক অতিক্ৰম কৰি জনপ্ৰিয়তাৰ নিৰিখত ৭০শতাংশ লাভ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী

বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা মোদী:মাৰ্কিন সমীক্ষাত শীৰ্ষত

Freedom Politics New Aug30 20

বিশ্বৰ সবাতােকৈ জনপ্রিয় নেতা হ’ল নৰেন্দ্র মােদী। মার্কিন সংস্থা ‘মর্ণিং কনচাল্ট’-এ চলােৱা এক সমীক্ষাত জ’ বাইডেন, এঞ্জেলা মর্কেল, বৰিছ জনছনৰ দৰে ৰাষ্ট্রনেতাক অতিক্রম কৰি ৭০ শতাংশ ভােট লাভৰে বিশ্বৰ সবাতােকৈ জনপ্রিয় নেতা নির্বাচিত হ’ল ভাৰতৰ প্ৰধানমন্ত্রী।

প্রতি সপ্তাহত সংস্থাটোৱে বিশ্বৰ ১৩ খন দেশৰ ৰাষ্ট্রপ্রধানৰ জনপ্রিয়তাৰ সমীক্ষা চলাই আহিছে। শনিবাৰে ‘মর্ণিং কনচাল্ট’-এ প্রকাশ কৰা সমীক্ষাৰ ফলাফলত সপ্তাহৰ জনপ্রিয়তাৰ নিৰিখত বিশ্বৰ নেতা হিচাপে শীর্ষ স্থান দখল কৰিলে মােদীয়ে।

এই সমীক্ষাত অংশ লােৱা ৭০ শতাংশ লােকে ৰাষ্ট্রনেতা হিচাপে মােদীৰ প্রতি সমর্থন ব্যক্ত কৰিলে। জনপ্রিয়তাৰ নিৰিখত মােদীৰ পাছত আছে মেক্সিকোৰ ৰাষ্ট্রপতি ল’পেজ অ’ব্ৰাডৰ। দ্বিতীয় স্থানত থকা ল’পেজে লাভ কৰিলে ৬৪ শতাংশ সমর্থন।

তৃতীয় স্থানত আছে ইটালীৰ প্রধানমন্ত্রী মাৰিঅ’ ড্রাঘি। চতুর্থ স্থানত থকা জার্মানীৰ চেঞ্চেলৰ এঞ্জেলা মর্কেলে লাভ কৰিলে ৫২ শতাংশ লােকৰ সমর্থন। আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে ৪৮ শতাংশ সমর্থন লাভৰে তালিকাত পঞ্চম স্থান দখল কৰিলে।

আফগানিস্তান সংকটৰ ফলত বাইডেনৰ জনপ্রিয়তা যথেষ্ট অৱমনিত হ’ল। ইটালীৰ প্রধানমন্ত্রী স্কট মৰিচনে পঞ্চম আৰু কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্ৰুডুৱে ষষ্ঠ স্থান লাভ কৰাৰ বিপৰীতে ব্রিটেইনৰ প্ৰধানমন্ত্রী বৰিছ জনছনে ৪১ শতাংশ লােকৰ সমর্থনৰে সপ্তম স্থান দখল কৰিলে।

Exit mobile version