বাছ ভাড়া বৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ ভাষ্যৰ ওপৰত প্ৰতিক্ৰিয়া সদৌ অসম মটৰ পৰিবহণ সন্থাৰ

500x300 165186 149072 untitled 1

ক’ভিড পৰিস্থিতিৰ বাবে সদ্যহতে বাছৰ ভাড়া বৃদ্ধি কৰিব পৰা নাযাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই ।

এক প্ৰেছ বিবৃতিযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি সন্থাৰ সচিব প্ৰধান প্ৰদীপ দাসে কয়,তিনি ছেপ্টেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমত ক’ভিড কালৰ এই পৰিস্থিতিত অসমৰ যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি কৰিব পৰা নাযাব বুলি কৈছিল আৰু পৰিবহণ ব্যৱসায়ীৰ সমস্যা সন্দৰ্ভত শীঘ্ৰে আলোচনাত বহি মীমাংসা কৰা হ’ব বুলি মন্তব্য কৰিছিল ।

মুখ্যমন্ত্ৰীৰ এই পৰামৰ্শৰ প্ৰতি সন্মান জনাই সদৌ অসম মটৰ পৰিবহণ সন্থাই অসমৰ সমূহ পৰিবহণ ব্যৱসায়িক ভাড়াৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতি বজাই ৰাখি জনসাধাৰণক সেৱা আগবঢ়াই যাবলৈ আহ্বান জনালোঁ ।

লগতে আলাপ আলোচনাৰ মাধ্যমেৰে যাতে বিষয়টোৰ ওপৰত এক খৰতকীয়া সিদ্ধান্ত গ্ৰহণ কৰে তাৰ বাবে মুখ্যমন্ত্ৰীক সন্থাই অনুৰোধ জনাইছে । যদিহে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰাত অধিক পলম হয় তেন্তে হয়তো গাড়ীসমূহৰ সৰহভাগেই পথৰ পৰা নোহোৱা হ’ব ।

কিয়নো বৰ্দ্ধিত পেট্ৰ’পণ্যৰ মূল্য তথা দ্ৰব্য মূল্যৰ সূচকাংক বৃদ্ধি পূৰ্বৰ ভাড়াৰ লগত সামঞ্জস্যহীন হৈ পৰিছে । উল্লেখ্য, মটৰ পৰিবহণ সন্থাই তেলৰ দাম বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বাছ ভাড়া বৃদ্ধি কৰাৰ অনুমতি বিচাৰি ১২ আগষ্টত মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল । কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।

Exit mobile version