বিমানবন্দৰত আছে ছখন বিমান, তালিবানৰ অনুমতি নোপোৱাৰ বাবে আবদ্ধ হৈ আছে হেজাৰ হেজাৰ বিদেশী

202109061349517994 6 aircraft stuck in Afghan airport no Taliban clearance to SECVPF

তালিবানে কাবুল দখল কৰাৰ পাছত ৩১ আগষ্টৰ ভিতৰত তাত বসবাসকাৰী নাগৰিক আৰু দূতাবাস কর্মীসকলক উভতাই নিছে আমেৰিকাই । ব্রিটেইন, অষ্ট্ৰেলিয়া, ভাৰতৰ দৰে দেশেও নিজৰ নাগৰিকসকলক উদ্ধাৰ কৰিছে । কিন্তু এতিয়াও আফগানিস্তানত প্ৰায় হেজাৰ হেজাৰ বিদেশী নাগৰিক আবদ্ধ হৈ আছে বুলি জনাইছে সংবাদ সংস্থা ৰয়টাৰ্ছে । বিমানবন্দৰত ছখন বিমান আছে যদিও তালিবানে তেওঁলোকক উৰনৰ অনুমতি দিয়া নাই ।

ৰয়টার্ছে জনাইছে, আফগানিস্তানৰ উত্তৰত মাজাৰ-ই-শৰিফৰ আন্তর্জাতিক বিমানবন্দৰত বিমানসমূহে অপেক্ষা কৰি আছে । কিন্তু তাৰ পৰা উৰিবৰ বাবে আমেৰিকাৰ বৈদেশিক মন্ত্রণালয়ে তালিবানৰ অনুমতি লোৱা নাই বুলি দাবী কৰিছে তেওঁলোকে । সম্পূৰ্ণ প্রক্রিয়াৰ দায়িত্বত থকা এজন বিষয়াই কয়, ‘‘আবদ্ধ হৈ থকা নাগৰিকসকলৰ জীৱন বিপন্ন হোৱাৰ বাবে দায়ী আমেৰিকাৰ বৈদেশিক মন্ত্রণালয় । তেওঁলোকে আগৰ পৰাই কোনো প্রস্তুতি কৰা নাই ।’’

আমেৰিকাৰ বৈদেশিক মন্ত্রণালয়ৰ তৰফৰ পৰা অৱশ্যে এই বিষয়ক লৈ কোনো মন্তব্য কৰা নাই । যদিও মন্ত্রণালয়ৰ এজন বিষয়াই জনায়, উদ্ধাৰ কাৰ্য চলি থকাৰ সময়ত মাজাৰ-ই-শৰিফত তালিবানৰ স’তে আলোচনা কৰাল বাবে কোনো বিষয়া নাছিল । ফলত তালিবানৰ স’তে অনুমতি সংক্রান্ত কোনো বিষয় লৈ আলোচনা কৰা নহয় ।

Exit mobile version