কাশ্মীৰ সতৰ্ক হ‌ওক, আফগানিস্তানৰ সন্ত্ৰাস যিকোনো মুহূৰ্ততে বিয়পিব পাৰে : ৰাছিয়া

104171578 GettyImages 88946466

আফগানিস্তানৰ সন্ত্রাস কাশ্মীৰতো সৃষ্টি হ’ব পাৰে, ভাৰতক সতর্ক কৰিলে ৰাছিয়াই । এই বিষয়ত নতুন দিল্লীক সতর্ক কৰিছে ৰাছিয়াৰ ৰাষ্ট্রদূত নিকোলাই কুদাছেভে । তেওঁ লগতে আশ্বাস দি জনায় যে, তেনে পৰিস্থিতি সৃষ্টি হ’লে ৰাছিয়া আৰু ভাৰতে একযোগ হৈ সন্ত্রাসৰ বিৰুদ্ধে যুঁজ দিব । কাৰণ বিষয়টো দুই দেশৰ বাবেই সমান উদ্বেগজনক ।

আফগানিস্তানত তালিবান পৰিস্থিতিক লৈ সম্প্রতি ভাৰতক বাদ দি পাকিস্তানৰ স’তে বহুকেইটা বৈঠক কৰিছে ৰাছিয়াই । বিষয়টোক লৈ নতুন দিল্লীয়ে অসন্তোষ্টি প্রকাশ কৰিছিল বুলিও খবৰ । আন্তর্জাতিক পর্যবেক্ষকসকলে সেয়ে ধাৰণা কৰিছে যে, সন্ত্রাস প্রশ্নত ভাৰতক ৰাছিয়াই দিয়া এই বার্তা তাৎপর্যপূর্ণ ।

সোমবাৰ ভাৰতত ৰাছিয়াৰ ৰাষ্ট্রদূত নিকোলাই কয়, ‘‘আফগানিস্তানৰ পৰা অন্যান্য দেশত সন্ত্রাস বিয়পাৰ শংকা আছে ইয়াক লৈ ভাৰতৰ দৰে ৰাছিয়াও উদ্বিগ্ন । এই সন্ত্রাস যেনেদৰে ৰাছিয়াত বিয়পিব পাৰে, তেনেদৰে ভাৰতৰ কাশ্মীৰতো এই সন্ত্রাসে প্রভাৱ বিস্তাৰ কৰিব পাৰে ।’’

ভাৰত আৰু ৰাছিয়া দ্বিপাক্ষিক সহযোগিতাৰ অন্যতম প্রধান বিষয় হ’ল সন্ত্রাসৰ বিৰুদ্ধে যুঁজ দিয়া । সেই কথা উল্লেখ কৰি কুদাছেভে কয়, ‘‘আশা কৰো আফগানিস্তানৰ ভূমি ব্যৱহাৰ কৰি অন্য দেশত সন্ত্রাস বিয়পোৱা নহয় । কিন্তু যদি তেনে হয় তেন্তে সেইটো ভাৰত আৰু ৰাছিয়া উভয়ৰ বাবে উদ্বেগৰ আৰু তাৰ বাবে প্রয়োজন সাপেক্ষে যি যি পদক্ষেপ ল’ব লাগে একেলগে লোৱা হ’ব ।’’

উল্লেখ্য, কিছুদিন পূৰ্বে আফগানিস্তানত ৰাছিয়াৰ বিশেষ ৰাষ্ট্রদূত জামিৰ কাবুলোভে কৈছিল, তালিবানৰ ওপৰত ভাৰতৰ কোনো প্রভাৱ নাই । সেয়ে আফগানিস্তানক লৈ ৰাছিয়া আৰু পাকিস্তানৰ বৈঠকত ভাৰতক আমন্ত্ৰণ কৰা নহয় । সেই বক্তব্যৰ কিছুদিনৰ পাছতেই আফগানিস্তানৰ সন্ত্রাস প্রসংগত ভাৰতৰ স’তে সহযোগিতাৰ বার্তা দিয়ে ৰাছিয়াই ।

আন্তর্জাতিক পর্যবেক্ষকসকলৰ মতে, যিহেতু আফগান সীমান্ত পাৰ হৈ কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ চলাবলৈ পাক অধিকৃত কাশ্মীৰ হৈয়েই ভাৰতৰ মাটিত প্রৱেশ কৰিব লাগিব, সেয়ে পাকিস্তানৰ ভূমিকা আৰু পাকিস্তানৰ স’তে আলোচনাত মিলিত হোৱা ৰাছিয়াৰ অৱস্থানো এই ক্ষেত্রত গুৰুত্বপূর্ণ ।

Exit mobile version