দীৰ্ঘসময় ধৰি পাবজি খেলি হৃদৰোগত মৃত্যু কিশোৰৰ

PUBG mobile free credits

মোবাইলত একেলেথাৰি পাবজি খেলিছিল ১৯ বছৰীয়া এজন কিশোৰে । হঠাৎ বিকট চিঞৰ মাৰি মাটিত ঢলি পৰে কিশোৰটি । শীঘ্ৰে কিশোৰটিক হাস্পাতাললৈ লৈ যোৱা হয়, কিন্তু চিকিৎসকসকলে মৃত ঘোষণা কৰে । হৃদৰোগত আক্রান্ত হৈ কিশোৰটিৰ মৃত্যু হৈছে বুলি জানিবলৈ দিয়ে চিকিৎসকসকলে । কিন্তু, দীর্ঘ সময় ধৰি মোবাইলত ব্যস্ত হৈ থকাৰ স’তে হৃদ‌ৰোগৰ কোনো সম্পর্ক আছে নে নাই সেয়া স্পষ্ট নহয় ।

মধ্যপ্রদেশৰ দেবাছ জিলাৰ বাসিন্দা দীপক শাৰীৰিকভাৱে প্রতিবন্ধী । তেওঁৰ পৰিয়ালৰ তৰফৰ পৰা আৰক্ষীক জনোৱা হয়, শাৰীৰিক অক্ষমতাৰ বাবেই দিনৰ বেছি ভাগ সময় মোবাইলত গেম খেলাত ব্যস্ত থাকিছিল । সচৰাচৰ বাহিৰতো ওলোৱা নাছিল । পাৰিবাৰিক সূত্রে, দীপকে চলিত বৰ্ষতে দশম শ্রেণীৰ বোর্ডৰ পৰীক্ষাত ঊত্তীৰ্ণ হৈছিল । তেওঁ একাদশ শ্রেণীত নাম ভর্তিও কৰিছিল । ঘটনাৰ দিনাখনো তেওঁ মোবাইলত কে’বা ঘণ্টা ধৰি পাবজি খেলি আছিল । সেই সময়ত তেওঁক ওচৰৰ দোকানৰ পৰা গাখীৰৰ পেকেট আনিবলৈ দিছিল । ইয়াৰ পাছতেই বিকট চিঞৰ মাৰি মাটিত ঢলি পৰে দীপক । হাস্পাতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকসকলে কিশোৰজনৰ মৃত্যু হৈছে বুলি জনায় ।

ইয়াৰ আগতে ২০১৯ৰ মে’ত মধ্যপ্রদেশৰেই ইন্দৌৰত হৃদৰোগত আক্রান্ত হৈ ১৬ বছৰীয়া এজন কিশোৰৰ মৃত্যু হৈছিল । সেই কিশোৰজনেও মোবাইলত একেলেথাৰি পাবজি খেলিছিল । ঘটনাৰ দিনাখন কিশোৰটিয়ে ছঘণ্টা পাবজি খেলিছিল । চিকিৎসকসকলে জনাইছিল, দীর্ঘ সময় এই ধৰণৰ খেলত অতিৰিক্ত এড্রিনালিন ক্ষৰণ হার্ট এটেকৰ কাৰণ হ’ব পাৰে । সম্প্ৰতি মোবাইল ভিডিঅ’ গেমটোৰ নতুন সংস্কৰণত একেলেথাৰি তিনি ঘণ্টাতকৈ বেছি পাবজি খেলিব নোৱাৰি ।

কিছুদিন পূৰ্বে ৰাজ্যখনৰ উত্তৰ দিনাজপুৰৰ চোপড়াত ৰেললাইনত বহি থকা চাৰিজন যুৱকক ট্রেনে মহতীয়াই । পাছত আৰক্ষীয়ে জানিবলৈ দিয়ে, যুৱক কেইজনে মোবাইলত পাবজি খেলাত ইমানে ব্যস্ত আছিল যে, ট্রেনৰ শব্দই নুশুনিলে ।

Exit mobile version