নাচপতিত আছে বিভিন্ন পুষ্টিকৰ উপাদান, দৈনিক খাদ্য তালিকাত ৰাখক এইবিধ ফল

pear health benefit

নাচপতিত থাকে প্ৰচুৰ পৰিমাণৰ ভিটামিন এ, বি, বি২, ই, ফলিক এচিডৰ দৰে পুষ্টিকৰ উপাদান। কেলচিয়াম, পটাছিয়াম, কপাৰ , লো আৰু অন্যান্য খনিজ পদাৰ্থৰ এক উৎকৃষ্ট উৎস এই ফল ।

কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাবলৈ প্ৰতিদিনে আপোনাৰ আহাৰত ৰাখক এটা নাচপতি ।

চুলিত উফি আৰু পেটৰ সমস্যাৰ বাবে মূৰৰ চুলি সৰি থাকে। এই ক্ষেত্ৰত, একেৰাহে দুসপ্তাহ নাচপতিৰ ৰস খোৱাৰ ফলত চুলি সৰা আৰু উফিৰ সমস্যা সমাধান হয়।

এই ফলত উচ্চ মাত্ৰাত খনিজ পদাৰ্থ থকাৰ বাবে শৰীৰত কেলচিয়াম প্ৰদান কৰে।

ই হৰমন উৎপাদন আৰু হাড়ৰ ক্ষয়ৰোধ কৰে। প্ৰতিদিনে প্ৰয়োজনীয় খাদ্য উপাদানৰ ১০ শতাংশ নাচপতিয়ে গঠন কৰে।

ইয়াত আছে ছয় গ্ৰাম চলিউবাল ফাইবাৰ , যি শৰীৰত কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে।

এই ফলে ডায়েবেটিচ প্ৰতিৰোধ কৰে আৰু ৰক্ত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

হাৰ্ট ব্লক,মায়োকাৰ্ডিয় সংক্ৰমণৰ দৰে ৰোগত প্ৰতিদিনে দুই তিনি টুকুৰা নাচপতি খালে উপকাৰ পোৱা যায়।

এলাৰ্জি নিয়ন্ত্ৰণত শিশুসকলক নাচপতি দিব পাৰে।কেৱল পুষ্টিকৰ বাবেই নহয়,নাচপতিয়ে এলাৰ্জিৰ পার্শ্বপ্রতিক্রিয়াও কমায়।

Exit mobile version